আছিল আৰু শাক্যহঁতৰ অথবা তাৰে ওচৰ-চুবুৰীয়া অঞ্চলত বাস কৰিছিল। তাতে বোধিসত্ত্বৰ লগত তেওঁলোকৰ মিত্ৰতা হৈ যায়। তেওঁলোক আটাই কেইজনাই যে ব্ৰাহ্মণ আছিল তাকে সঠিককৈ কব নোৱাৰি। আলাৰ কালাম আৰু উদ্দক ৰামপুত্তৰ সম্প্ৰদায়ত কোনো সাৰ তথ্য বিচাৰি নাপাই যেতিযা বোধিসত্ত্বই আৰু কিবা নতুন মাৰ্গৰ সন্ধানত ৰাজগৃহলৈ যায় তেতিয়া চাগৈ এই পঞ্চবৰ্গীয় ভিক্ষু কেইজনাও তেওঁৰ লগত গৈছিল। তেওঁলোকে বোধহয় ভাবিছিল যে বোধিসত্ত্বই নতুন ধৰ্ম্মমাৰ্গ বিচাৰি পালে তেওঁলোকেও সেই মাৰ্গ অনুসৰণ কৰিব। কিন্তু যেতিয়া বোধিসত্ত্বই তপস্যা আৰু উপবাস এৰি দিলে তেতিয়া তেওঁলোকৰো তেওঁৰ ওপৰত বিশ্বাস নাইকিয়া হল আৰু তেওঁলোেক বাৰাণসীলৈ গুচি গল৷
পঞ্চবৰ্গীয় ভিক্ষু-সংঘ—বুদ্ধ হৈ গৌতম বোধিসত্ত্ব যেতিয়া বাৰাণসীৰ ঋষিপত্তনত উপস্থিত হৈছিল, তেতিয়া পঞ্চবৰ্গীয় ভিক্ষু কেইজনে তেওঁক আদৰ-সৎকাৰ কৰিবলৈকো সাজু নাছিল। এইবোৰ কথা পঞ্চম অধ্যায়ত দিয়া হৈছে। অৱশেষত এই পঞ্চবৰ্গীয় কেইজনে বোধিসত্ত্বৰ ধৰ্ম্মমাৰ্গৰ কথা শুনিলে। তাৰ পিচত অকল কৌণ্ডিণ্যইহে সেই মাৰ্গ সম্বন্ধে নিজৰ সম্মতি প্ৰকাশ কৰিলে। তেতিয়া বুদ্ধ ভগৱানে কলে, ‘কৌণ্ডিণ্যই জানিব পাৰিছে। (অঞ্ঞাসি ৱত ভো কোণ্ডঞ্ঞো)।' ইয়াৰ পৰাই কৌণ্ডিণ্যৰ নাম হ’ল, ‘অঞ্ঞাসি কোণ্ডঞঞ' (আজ্ঞাত কৌণ্ডিণ্য)। অকল এই এষাৰি কথাৰ পৰাই কৌণ্ডিণ্য বৌদ্ধ সাহিত্যত বিখ্যাত হৈ পৰিল। ইয়াৰ পিচত তেওঁ কোনো গুৰুত্বপূৰ্ণ কাম কৰা সম্বন্ধে ক’তে একো উল্লেখ পোৱা নাযায়। তেওঁৰ মাখোন এয়ে পুৰুষাৰ্থ বুলি ধৰিব লাগিব যে প্ৰথমতে তেঁৱেই অকলে বুদ্ধৰ নতুন ধৰ্ম্ম-মাৰ্গক অভিনন্দন কৰিছিল।