মনোবৃত্তিৰ ওপৰত অথবা পৃথিবী, অপ, তেজ আদি পদাৰ্থৰ ওপৰত চিত্ত একাগ্ৰ কৰি চাৰিটা ধ্যানৰ সম্পাদন কৰাই হল সম্যক সমাধি।[১০]
দুয়োটা অন্তলৈ নগৈ এই মধ্যম মাৰ্গৰ অনুসৰণ কৰিব লাগে। প্ৰথম অন্ত হল কামোপভোগকে সুখ বুলি মনা। তাৰ লগত হীন, গ্ৰাম্য, সামান্যজন সেৱিত, অনাৰ্য্য আৰু অনৰ্থাৱহ (হীনো গম্মো, পোথুজ্জনিকো অনৰিয়ো অনৎথ সংহিতো) এই পাঁচোটা বিশেষণ লগ লগাই দিয়া হৈছে। যেতিয়া মনুষ্যজাতি দাৰিদ্ৰ আৰু অজ্ঞানত পৰি যায় তেতিয়া যদি আমি সুখ-স্বাচ্ছন্দ্যকে আনন্দ বুলি মানোহঁক, তেন্তে তাতকৈ আৰু হীন কাম কি হব পাৰে? সেই অন্ত হল গ্ৰাম্য অৰ্থাৎ তেনেই ইতৰ আৰু সাধাৰণ লোক। সি আৰ্য্যৰ পক্ষে ( ধীৰ বীৰৰ পক্ষে ) শোভা নাপায়। সি অনৰ্থকাৰীও। দ্বিতীয় অন্ত হল দেহ-দণ্ডনৰ। তাৰ সৈতে হীন আৰু গ্ৰাম্য বিশেষণ লগোৰা হোৱা নাই। কিন্তু সি দুখদায়ক, ধীৰ-বীৰৰ পক্ষে শোভাদায়ক নহয় আৰু অনৰ্থাৱহ (দু্ক্খো অনৰিয়ো অনৎথ সংহিতো)। অষ্টাঙ্গিক মাৰ্গৰ সকলো অঙ্গই এই দুয়োটা অন্তকে বৰ্জ্জন কৰে।
উদাহৰণ স্বৰূপে খোৱা, পিয়া, স্ফুৰ্ত্তি কৰা বিলাসীলোকৰ দৃষ্টি আৰু উপবাস আদিৰে শৰীৰক কষ্ট দিয়া হল তপস্বীসকলৰ দৃষ্টি। এই দুয়োটাৰ মাজৰ দৃষ্টি হল চাৰিটা আৰ্য্যসত্যৰ জ্ঞান। এনেদৰে আন আন অঙ্গকো মধ্যৱৰ্ত্তী বুলি জানি লোৱা উচিত।[১১]
[](১০)এইবোৰ পদাৰ্থৰ ওপৰত কিদৰে ধ্যান সম্পাদন কৰিব লাগে তাৰ বিৱৰণ ‘সমাধিমাৰ্গ'ত দিয়া হৈছে।
[](১১) চাৰি আৰ্য্যসত্য সম্বন্ধে 'যুদ্ধ ধৰ্ম্ম আণি সংঘ'ৰ তৃতীয় পৰিশিষ্টত (পৃষ্ঠা ৯৪-৯৯) তথ্যাদি দিয়া হৈছে, তাকো পঢ়ি চাব পাৰে।