কাঁজিয়াৰ সূত্ৰপাত কৰি হিংসাৰ সৃষ্টি কৰে। গতিকে সত্য, পৰস্পৰৰ মাজত বন্ধুত্বৰ সৃষ্টি কৰা, প্রিয় আৰু মিত ভাষণ কৰা উচিত। ইয়াকে সম্যক বাক্য কোৱা হয়৷
প্রাণী-হত্যা, চুৰি, ব্যভিচাৰ আদি কাম শৰীৰৰ দ্বাৰা অনুষ্ঠিত হলে সমাজৰ বৰ অনর্থ হব। গতিকে প্রাণী-হত্যা, চুৰি, ব্যভিচাৰ আদি কামৰ পৰা অলিপ্ত থাকি এনে কায়-কৰ্ম্মৰ আচৰণ কৰিব লাগে যাতে তাৰ ফলত মানুহৰ কল্যাণ হয়। ইয়াকে সম্যক কৰ্ম্মান্ত বােলা হয়।
সম্যক আজীৱৰ অর্থ হল—নিজৰ জীৱিকা এনেদৰে নিৰ্ব্বাহ কৰিব লাগে যাৰ ফলত সমাজৰ কোনাে হানি নহয়। উদাহৰণ স্বৰূপে মদ-ফটিকাৰ বিক্ৰী, পশু-পক্ষীৰ লেনদেন আদিৰ ব্যৱসায় গৃহস্থই কৰা উচিত নহয়, কিয়নাে তাৰ পৰা যে সমাজৰ কষ্ট হয় সেইটো ফটফটীয়া কথা। এনে ব্যৱসায় বৰ্জ্জন কৰি শুদ্ধ আৰু সৰলভাৱে নিজৰ জীৱিকা নির্ব্বাহ কৰাই হল সম্যক আজীৱ।
যি কু-চিন্তা মনলৈ নাহে, তাক মনলৈ অহাৰ সুবিধা নিদিয়া, যি কু-চিন্তা মনত উপস্থিত হয়, তাক নাশ কৰা, যি সুবিচাৰ মনত উৎপন্ন হােৱা নাই, তাক উৎপন্ন হবলৈ সুবিধা দিয়া আৰু যি সুবিচাৰ মনত উৎপন্ন হৈছে তাক আৰু বাঢ়িবলৈ দি তাৰ পৰিপুর্ণ বিকাশ সাধন কৰিবলৈ চেষ্টা কৰা—এই চাৰিটা মানসিক প্ৰয়াসক সম্যক ব্যায়াম কোৱা হয়। []৯
শৰীৰ অপৱিত্ৰ পদাৰ্থৰ দ্বাৰা সৃষ্ট—এই বিবেক জাগৰিত ৰখা, শৰীৰৰ সুখ-দুখ আদি বেদনাক বাৰে বাৰে অৱলােকন কৰা, নিজৰ চিত্তৰ অৱলােকন কৰা আৰু ইন্দ্রিয় আৰু সেই বিষয়ত কোন ধৰণৰ বন্ধনৰ সৃষ্টি হৈছে, তাৰ লোপ কৰিবলৈ কি দিহা কৰা যায় আদি মনোধৰ্ম্মৰ ভাল বিচাৰ কৰাই হল সম্যক স্মৃতি।
নিজৰ শৰীৰৰ ওপৰত, মৃত শৰীৰৰ ওপৰত, মৈত্রী কৰুণা আদি
[](৯) শাৰীৰিক ব্যায়ামৰ লগত ইয়াৰ কোন সম্পর্ক নাই।