ইয়াৰ উপৰিও আন আন নিকায় বোৰতো ইয়াৰ বাৰে বাৰে উল্লেখ কৰা হৈছে। এই চাৰিটা আৰ্য্যসত্যৰ আধাৰতে বুদ্ধৰ আনবোৰ উপদেশ দিয়া হোৱা কাৰণে ইয়াৰ গুৰুত্ব বৰ বেচি।
ওপৰত দিয়া ৰূপান্তৰৰ (ক)ৰ পৰা (ঘ)-লৈকে দিয়া কথাবোৰ কেৱল ‘সচ্চসংযুত্ত’ৰ এটা সুত্ত আৰু মহাৱ্গগত পোৱা যায়। ইয়াৰ উল্লেখ আন কতো পোৱা নাযায়। তাৰ পৰা ইয়াক পিচত লগাই দিয়া হৈছে বুলি গভীৰ সন্দেহ হয়। তথাপি চাৰিটা আৰ্য্যসত্যৰ ব্যাখ্যা কৰাত ই সাহায্য কৰিব পাৰে। সেই বাবে ইয়াত তাকো দিয়া হৈছে।
চাৰিটা আৰ্য্যসত্যৰ ব্যাখ্যা
জগতত যে দুখ আছে তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে, কিন্তু প্ৰত্যেক ব্যক্তিয়ে অনবৰত চিন্তা কৰি থাকে যে তেওঁৰ দুখ কেনেকৈ নাইকিয়া হয়। তাৰে ফলত প্ৰায় লোকেই আনকি আনৰ নাশ কৰিও নিজে সুখী হবলৈ বিচাৰে। তাৰে ভিতৰত যি সকল হিংসুক আৰু বুদ্ধিমান হয়, তেওঁলোক নেতা হৈ পৰে আৰু আনবোৰ তেনে লোকৰ অধীনত থাকিব লগীয়া হয়। হিংসাত্মক বুদ্ধিৰ কাৰণে এই নেতাসকলৰ সংগঠনো তিস্থি থাকিব নোৱাৰে আৰু তেওঁলোকেও আটাইতকৈ অধিক হিংসুক আৰু বুদ্ধিমান নেতাক নিজৰ ৰজা বুলি স্বীকাৰ কৰি লৈ তেওঁৰ ইচ্ছা মতে চলিব লগাত পৰে। ৰজাৰ অনবৰত ভয় থাকে যে আন কোনোবা ৰজাই তেওঁৰ ৰাজ্য কাঢ়ি লব আৰু সেই বাবে ৰাজ্য ভালদৰে ৰক্ষা কৰাৰ অভিপ্ৰায়েৰে তেওঁ যাগ-যজ্ঞ কৰি পশুৰ বলি দিয়ে। এনেদৰে মানুহ আৰু আন আন পশুৰ উপদ্ৰৱকাৰী সমাজ-ৰচনা নষ্ট কৰি তাৰ ঠাইত আন হিতসুখকাৰী সংগঠন স্থাপন কৰিবলৈ হলে প্ৰত্যেকৰে এই চিন্তা হোৱা উচিত যে তেওঁৰ নিজৰ