গল। তাত তেওঁৰ মনত এটা ভাৱ খেলালে, ‘এই ধৰ্ম্ম প্ৰচাৰ কৰোঁতে মই অতিশয় কষ্ট সহিব লাগিব, গতিকে মানুহক এই সম্বন্ধে উপদেশ দি আৰু অধিক কষ্ট সহ্য কৰাটো ভাল নহব।' ব্ৰহ্মদেৱে এই ভাৱৰ কথা গম পালে আৰু ধৰ্ম্মোপদেশ দিয়াৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে। এই কথা ‘মহাৱগ্গ’ আৰু ‘মঝ্ জিম নিকায়’ৰ অৰিয়পৰিয়ে-সন সুত্তত বিতং ভাৱে বৰ্ণনা কৰা হৈছে, কিন্তু গৌতম বুদ্ধৰ ক্ষেত্ৰত এই বৰ্ণনা প্ৰযোজ্য হব নোৱাৰে৷ কোনো পুৰাণকাৰে বিপস্সী বুদ্ধ সম্বন্ধে এই কথা ৰচনা কৰে আৰু তাকে পিচত হুবহু গৌতম বুদ্ধৰ জীৱনীত সাঙুৰি দিয়া হয়। মই মোৰ 'বুদ্ধ ধৰ্ম্ম আণি সংঘ’ (পৃষ্ঠা ১৬-১৯) পুথিত এই ৰূপকৰ অৰ্থ দিবলৈ চেষ্টা কৰিছোঁ৷ গতিকে ইয়াত আৰু তাৰ আলোচনা নকৰোঁ৷
পঞ্চবৰ্গীয় ভিক্ষুসকলক উপদেশ দিয়াৰ বিচাৰ
ভগৱান বুদ্ধৰ সমুখত এই বিচাৰ উপস্থিত হল যে তেওঁ যে এই চাৰিটা আৰ্য্যসত্যৰ জ্ঞান লাভ কৰিলে সেই সম্বন্ধে পোন পহিলতে কাক জনোৱা যায়। বোধিসত্ত্বৰ দুয়োজনা গুৰু—আলাৰ কালাম আৰু উদ্দক ৰামপুত্ত যদি জীয়াই থাকিলহেঁতেন তেন্তে তেওঁলোকে এই নতুন ধৰ্ম্ম-মাৰ্গ তুৰন্তে স্বীকাৰ কৰি ললেহেঁতেন। কিন্তু তেওঁলোকো জীয়াই নাছিল। গতিকে ভগৱানে ভাবিলে যে নিজৰ পাঁচজন লগৰীয়াকে (পঞ্চবৰ্গীয় ভিক্ষুকেইজনকে) এই সম্বন্ধে উপদেশ দিয়া যাওক। সেই সময়ত সেই ভিক্ষু পাঁচজন বাৰাণসীৰ ওচৰৰ ঋষিপত্তনত থাকিছিল। ভগৱান সেই ঠাইলৈকে যাবলৈ ওলাল। বাটতে উপক নামৰ এজন আজীৱক শ্ৰমণ তেওঁৰ লগ লাগিল। বুদ্ধই তেওঁৰ আগত কলে, ‘মোৰ তত্ত্ববোধ হৈছে।' কিন্তু উপকৰ হলে সেই কথাত বিশ্বাস নহল। 'হব পাৰে' বুলি কৈ তেওঁ আন বাটেৰে যাবলৈ ললে। এই এটা প্ৰসঙ্গতে