সুজাতাই দিয়া ভিক্ষা—বহাগী পূৰ্ণিমাৰ নিশা বোধিসত্ত্বৰ সংবোধি-জ্ঞান লাভ হয়। সেইদিনা দুপৰীয়া সুজাতা নামৰ ভাল ঘৰৰ এগৰাকী যুৱতীয়ে তেওঁক উত্তম অন্নৰ ভিক্ষা দিছিল। 'সুত্তপিটক'ৰ’ কোনো কোনো ঠাইত ইয়াৰ উল্লেখ আছে।[৩] এই প্ৰসঙ্গৰ বাহিৰে আন ক'তো সুজাতাৰ নাম পোৱা নাযায়৷ তথাপি বৌদ্ধ চিত্ৰকলাত সুজাতাই উল্লেখযোগ্য ঠাই পাইছে আৰু বুদ্ধৰ দৃষ্টিকোণৰ পৰাও এই প্ৰসঙ্গ চিৰস্মৰণীয় হৈ আছে। চুন্দ কমাৰে দিয়া ভিক্ষা গ্ৰহণ কৰি ভগৱান নৰিয়াত পৰিছিল। সেই নৰিয়াতে যে তেওঁৰ পৰিনিৰ্ব্বান হব সেই কথাও তেওঁ জানিব পাৰিছিল। আৰু তেওঁৰ মৃত্যুৰ পিচত যাতে মানুহে চুন্দক দোষ নিদিয়ে সেইবাবে ভগৱানে আনন্দৰ আগত কৈছিল, ‘মই সম্বোেধি-জ্ঞান লাভ কৰাৰ দিনা যি ভিক্ষা পাইছিলোঁ আৰু আজি যি ভিক্ষা পাইছোঁ সি দুয়ো সমান, এই কথা তুমি চুন্দক কবা আৰু তেওঁক সান্ত্বনা দিবা।'
বোধিবৃক্ষৰ তলত আসন—সুজাতাই দিয়া ভিক্ষা গ্ৰহণ কৰি বোধিসত্ত্বই নৈৰঞ্জনা নৈৰ পাৰত আহাৰ কৰে আৰু সেইদিনা নিশা তেওঁ এজোপা বট গছৰ তলত বহেগৈ। সেই গছজোপা এতিয়া আৰু নাই। জনশ্ৰুতিমতে শশাঙ্ক ৰজাই হেনো গছজোপা ধ্বংস কৰে। আজিকালি সেই ঠাইতে পিচত ৰোৱা বট গছ আৰু তাৰে ওচৰতে বুদ্ধগয়াৰ প্ৰসিদ্ধ মন্দিৰ আছে। সেই গছৰ তলত বুদ্ধ বহাৰ পিচতো আকৌ এবাৰ মাৰ-যুদ্ধ হোৱাৰ প্ৰসঙ্গ 'ললিতৱিস্তৰ’ত পোৱা যায়। 'সংযুত্তনিকায়’ৰ সংগাথাবগ্গত এই বুলি বৰ্ণনা কৰা হৈছে যে মাৰে হেনো বুদ্ধক ফান্দত পেলোৱাৰ উদ্দেশ্যে বোধিবৃক্ষৰ (সেই বট গছৰ) তললৈ তৃষ্ণা, অৰতি
[](৩) 'অজুন্তৰনিকায়’, এককনিপাত। 'বৌদ্ধ-সংঘাচা পৰিচয়', পৃষ্ঠা ২২৬।