দিওঁ, ঠিক যেনেকৈ শিলগুটিৰে মাটিৰ বাচন ভাঙি পেলোৱা হয়।
(২০) সংকল্পক বশ কৰি আৰু স্মৃতি জাগ্ৰত ৰাখি অনেক শ্ৰাৱকক উপদেশ দি দি মই দেশ-বিদেশত ঘূৰি ফুৰিম।
(২১) তেওঁলোকে (শ্ৰাৱকসকলে) মোৰ উপদেশ অনুসৰি সাৱধানেৰে চলি আৰু আৰু নিজৰ ধ্যেয়ৰ ওপৰত চিত্ত স্থিৰ ৰাখি তোমাৰ ইচ্ছাৰ বিপৰীত এনে পদত উপস্থিত হবগৈ য'ত আৰু শোক কৰিব লগীয়া নহয়।'
(২২) ( মাৰে কলে....) ‘সাত বছৰ ধৰি মই ভগৱানৰ পিচে পিচে ঘুৰিলোঁ, কিন্তু স্মৃতিৱান বুদ্ধৰ কোনো বৰ্ম্মকে মই নাপালোঁ।
(২৩) ইয়াত কিবা কোমল বস্তু পোৱা যাব, কিবা হয়তো মিঠা বস্তু পোৱা যাব—এই আশাৰে কাউৰী মেদবৰ্ণ পাষাণৰ ওচৰলৈ গল।'
(২৪) কিন্তু তাত একো লাভ নেদেখি কাউৰীজনী সেই ঠাই এৰি গুচি গল। ময়ো সেই কাউৰীৰ দৰে গৌতমৰপৰা আঁতৰি আহিলো।
(২৫) এইদৰে শোক কৰোঁতে মাৰৰ কাষলতিৰ পৰা বীণা তললৈ সৰি পৰিল আৰু সেই দুঃখিত মাৰ তাতেই অন্তৰ্ধ্যান হল।
‘ললিতৱিস্তৰ'ৰ অষ্টাদশ অধ্যায়ত এই সুত্তৰ ভাষান্তৰ পোৱা যায়। তাৰ পৰাই ইয়াৰ প্ৰাচীনত্বৰ প্ৰমাণ পোৱা যায়। ওপৰত উল্লেখ কৰি অহা ‘ভয়-ভৈৰৱ সুত্ত’ৰ অংশ পঢ়ি চালে এই সমগ্ৰ ৰূপকৰে অৰ্থ সহজতে বুজিব পৰা যায়। মনুষ্যজাতিৰ কল্যাণৰ হকে কোনোবাই আগবাঢ়ি ওলালে তাত পোন পহিলতে বাধা দিওঁতা মাৰ-সেনা হল কামোপভোগৰ বাসনা। তাক দমন কৰি আগৰ পিনে খোজ বঢ়ালেই অসন্তোষৰ (অৰতিৰ) সৃষ্টি হয়। ইয়াৰ পিচত ভোক, পিয়াহ আদি এটাৰ পিচত আন এটা সেনা উপস্থিত হয়হি। এইবোৰ বাসনা আৰু বিকাৰৰ ওপৰত বিজয় লাভ কৰিব নোৱাৰিলে কল্যাণপ্ৰদ তত্ত্বৰ লগত কদাপিও সাক্ষাৎ হব নোৱাৰে। গতিকে বুদ্ধই মাৰক পৰাস্ত কৰি দিয়ে। ইয়াৰ অৰ্থ হল এয়ে যে তেওঁ মনোবিকাৰৰ ওপৰত বিজয় লাভ কৰে।