পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
ভগৱান বুদ্ধ
 

মোৰ চিত্ত কামোপভোগৰ পিনে ঢাল নাখায়। এয়া মোৰ আত্ম-শুদ্ধিলৈ চোৱা।

 (১২) (হে মাৰ) কামোপভোগ তোমাৰ প্ৰথম, অৰতি দ্বিতীয়, ভোক আৰু পিয়াহ তৃতীয় আৰু তৃষ্ণা তোমাৰ চতুৰ্থ সেনা।

 (১৩) পঞ্চম আলস্য, ষষ্ঠ ভীতি, সপ্তম কুশঙ্কা, অষ্টম অভিমান (অথবা গৰ্ব্ব)।

 (১৪) লাভ, সৎকাৰ, পুজা (এয়া নৱম) আৰু ভুল পথেৰে লাভ কৰা কীৰ্ত্তি (হল দশম সেনা)—যাৰ কাৰণে মানুহে আত্ম-স্তুতি আৰু পৰনিন্দা কৰে।

 (১৫) হে কলা নমুচি, (মানুহৰ ওপৰত) প্ৰহাৰ কৰিবলৈ এইবোৰেই তোমাৰ সেনা। কাপুৰুষ লোকে সিহঁতৰ ওপৰত জয় লাভ কৰিব নোৱাৰে। যি সিহঁতক জয় কৰিব পাৰে সিয়ে সুখ পায়।

 (১৬) এয়া মই মোৰ শিৰত মুঞ্জ ঘাঁহ[২] ধাৰণ কৰিছো। যদিহে মোৰ পৰাজয় হয়, তেন্তে মই জীয়াই থকাটো নিস্ফল। হাৰি জীয়াই থকাতকৈ যুঁজত মৰি যোৱাই ভাল।

 (১৭) কোনো কোনো শ্ৰমণ-ব্ৰাহ্মণ তোমাৰ সেনাৰ লগত মিলি গৈছে; গতিকে তেওঁলোকে চমক খাই নুঠে, আৰু যি পথেৰে সাধু পুৰুষসকল যায় সেই পথৰ কথাও তেওঁলোকে গম নাপায়।

 (১৮) চাৰিওপিনে মাৰ-সেনা দেখিবলৈ পোৱা গৈছে আৰু নিজৰ বাহনবোৰেৰে সৈতে মাৰ সুসজ্জিত হৈ গৈছে। তেওঁৰ লগত যুদ্ধ কৰিবলৈ ময়ো আগবাঢ়োঁ যাতে তেওঁ মোক স্থান-ভ্ৰষ্ট কৰিব নোৱাৰে।

 (১৯) দেৱতা আৰু মানুহ তোমাৰ সেনাৰ আগত থিয় দিব নোৱাৰে। তোমাৰ সেই সেনাক মই মোৰ প্ৰজ্ঞা বলেৰে হৰুৱাই


[১]

  1. (২) যুদ্ধত হাৰি পিচে পলাই নাযায় সেই উদ্দেশ্যে মুঞ্জ নামৰ ঘাঁহ মুখত ৰাখি প্ৰতিজ্ঞা কৰাৰ প্ৰথা চলতি আছিল৷