পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৬ ]

লগত ঘনিষ্ঠ সম্পৰ্ক ঘটাৰ ফলত তেওঁ সমাজবাদ সম্বন্ধে ভালদৰে অধ্যয়ন কৰিছিল। তাৰে সুফল স্বৰূপে তেওঁ দুখন পুথি ৰচনা কৰে—(১) হিন্দী সংস্কৃতি আণি অহিংসা আৰু (২) পাৰ্শ্বনাথৰ চাতুৰ্যাম ধৰ্ম্ম।
 আত্ম-চৰিত্ৰ সম্বন্ধে তেওঁ ‘নিৱেদন’ আৰু 'খুলাসা' নামৰ দুখন পুথি ৰচনা কৰিছে। 'নিৱেদন’ মাৰাঠী আৰু গুজৰাতী ভাষাত প্ৰকাশ কৰা হৈছে। 'খুলাসা’ এতিয়াও প্ৰকাশ হোৱা নাই।

—কাকাচাহেব কালেলকৰ