(২) কৰুণ মাত উলিয়াই মাৰ ওচৰলৈ আহিছিল। (সি কৈছিল) ‘তুমি ক্ষীণ আৰু দুৰ্ব্বল। তোমাৰ ওচৰতে মৃত্যু ৰৈ আছে।
(৩) তুমি হেজাৰ অংশই মৰিছা। তোমাৰ জীৱনৰ মাথোন এটা অংশহে বাকী আছে। হেৰা; ভাল মানুহজন! তুমি জীয়াই থাকা! জীয়াই থকাটো উত্তম, তুমি জীয়াই থাকিলে পুণ্য-কৰ্ম্ম কৰিবা।
(৪) তুমি ব্ৰহ্মচৰ্য্য পালন কৰি থাকিলে আৰু অগ্নিহোত্ৰৰ পূজা কৰিলে বিপুল পুণ্য সংগ্ৰহ কৰিব পাৰিবা৷ এই নিৰ্ব্বাণৰ আয়োজনৰ কি প্ৰয়োজন?
(৫) নিৰ্ব্বাণৰ মাৰ্গ অতিশয় কঠিন আৰু দুৰ্গম।”—এই গাথাবোৰ কৈ মাৰ বুদ্ধৰ ওচৰত থিয় হৈ ৰল।
(৬) এনেকৈ কোৱা সেই মাৰক ভগৱানে কলে, 'অসাৱধান মানুহৰ মিত্ৰ, হে পাপী, তুমি ইয়ালৈ কিয় আহিছা (তাক মই জানো)।
(৭) তেনে ধৰণৰ পুণ্যৰ মোৰ সমূলি দৰ্কাৰ নাই। যাক পুণ্য লাগে তাকে মাৰে সেই কথা শুনায়৷
(৮) মোৰ অন্তৰত শ্ৰদ্ধা আছে, আছে বীৰ্য্য আৰু প্ৰজ্ঞা। এনেদৰে যেতিয়া মই নিজৰ ধ্যায়ৰ ওপৰত মন দিছোঁ, তেনে অৱস্থাত তুমি মোক জীয়াই থাকিবলৈ কিয় উপদেশ দিছা?
(৯) এই বতাহে নৈৰ সোঁতো শুকাই দিব পাৰিব, কিন্তু মোৰ নিচিনা ধ্যায়ৰ ওপৰত মন দিওঁতাৰ (প্ৰেৰিতাত্মাৰ) তেজ সি শুকাব নোৱাৰে।
(১০) (কিন্তু যদি মোৰ চেষ্টাৰ ফলতে) তেজ শুকাই যায়, তেনেহলে তাৰ লগে লগে চিত্ত আৰু শ্লেষ্মা- বিকাৰো শুকাই যাব আৰু মোৰ মাংস ক্ষীণ হলে চিত্ত আগতকৈ অধিক প্ৰসন্ন হব। তেতিয়া মোৰ স্মৃতি, প্ৰজ্ঞা আৰু সমাধি দিনক দিনে বাঢ়ি যাব।
(১১) এনেভাৱে থকাৰ ফলত উত্তম সুখ লাভ কৰা যায়। তেতিয়া