শাক্য পিতাৰ খেতি-পথাৰত কাম চলি আছিল তেতিয়া মই জম্মু-বৃক্ষৰ শীতল ছাঁত বহি প্ৰথম ধ্যান লাভ কৰিছিলোঁ। এই কথা মনত পৰাত মোৰ ধাৰণা হল যে বোধ মাৰ্গ এয়ে হোৱা উচিত। তাৰ পিচত মোৰ মনলৈ এই ভাৱো আছিল যে বিলাসৰ সামগ্ৰী উপভোগ নকৰাকৈও কল্যাণকৰ বিচাৰ ধাৰাৰ দ্বাৰা যি সুখ পোৱা যায়, সেই সুখক মই ভয় কৰোঁ কিয়? তেতিয়া মই স্থিৰ কৰিলোঁ যে মই সেই সুখক ভয় নকৰোঁ। কিন্তু অতিশয় দুৰ্ব্বল শৰীৰেৰে হলে সেই সুখ পোৱা নাযায়। গতিকে অলপ অচৰপ আহাৰ গ্ৰহণ কৰাটো উচিত বুলি ভাবিলোঁ আৰু সেইমতে আচৰণ কৰিবলৈ ললোঁ। সেই সময়ত পাঁচজন ভিক্ষুই মোৰ সেৱা কৰিছিল কাৰণ তেওঁলোকে অনুমান কৰিছিল যে মোৰ যি ধৰ্ম্ম হব, সেই সম্বন্ধে মই তেওঁলোকক শিক্ষা দিম। কিন্তু যেতিয়া মই আহাৰ গ্ৰহণ কৰিবলৈ ললোঁ (তপস্যা এৰি দিলোঁ) তেতিয়া তেওঁলোকে ভাবিলে, “এই গৌতম তপশ্চৰ্য্যাৰ পৰা ভ্ৰষ্ট হৈ খোৱা-বোৱাৰ পিনে ঢাল খালে।” আৰু মোৰ ওপৰত বিৰক্ত হৈ সেই পাঁচোজন ভিক্ষু আঁতৰি গুচি গল।'
তথাপি বোধিসত্ত্ব নিজৰ সিদ্ধান্তত অচল অটল হৈ ৰল। তপস্যাৰ মাৰ্গ এৰি পোনপটীয়া আৰু সৰল ধ্যানমাৰ্গেৰে তত্ত্ব-বোধ লাভ কৰা উচিত এই বিষয়ত তেওঁৰ সম্পূৰ্ণ বিশ্বাস হৈ গল।
মাৰ যুদ্ধ—এই সময়ত বোধিসত্ত্বই মাৰৰ লগত যুদ্ধ কৰা সম্বন্ধে ‘বুদ্ধচৰিত’ আদি গ্ৰন্থত কাব্যাত্মক বৰ্ণনা পোৱা যায়। 'সুত্ত-নিপাত'ৰ প্ৰধান সুত্তত ইয়াৰ উদ্গম দিয়া হৈছে। আমি ইয়াত সেই সুত্তৰ ভাষান্তৰ দিলোঁ—
(১) নৈৰঞ্জন নৈৰ পাৰত তপস্যা আৰম্ভ কৰি নিৰ্ব্বাণ প্ৰাপ্তিৰ বাবে অতি উৎসাহেৰে মই ধ্যান কৰি আছিলোঁ। তেতিয়া—