পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
ভগৱান বুদ্ধ
 

হিতকৰ বিতৰ্ক উৎপন্ন হোৱাৰ পিচত মই মাথোন এইখিনিকে মনত ৰাখিছিলোঁ যে সি কল্যাণ ধৰ্ম্ম। (তাৰ নিগ্ৰহ কৰাৰ চেষ্টা কৰা নাছিলোঁ।)

 নিৰ্ভয়তা—কল্যাণকৰ বিতৰ্কৰ সহায়েৰে অকল্যাণকৰ বিতৰ্কৰ ওপৰত বিজয় লাভ কৰিলেও ধাৰ্মিক ব্যক্তিৰ মনত নিৰ্ভয়তাৰ ভাৱ উদয় নোহোৱালৈকে তেওঁৰ তত্ত্ব-বোধ হোৱা অসম্ভৱ। ডকাইত বা সৈনিকে নিজৰ প্ৰতিপক্ষৰ ওপৰত সাহসেৰে জপিয়াই পৰে, কিন্তু তেওঁলোকৰ ভিতৰত নিৰ্ভয়তাৰ ভাৱ তেনেই কমহে থাকে। তেওঁলোক অস্ত্ৰশস্ত্ৰ ব্যৱহাৰত যিমানেই কুশলী নহওক লাগিলে, তথাপি তেওঁলোকৰ অন্তৰত অনবৰত ভয় থাকে। শক্তৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি তেওঁলোক সততে উদ্বিগ্ন হৈ থাকে। গতিকে তেওঁলোকৰ নিৰ্ভীকতা সঁচা নহয়। অধ্যাত্ম মাৰ্গেৰে লাভ কৰা নিৰ্ভীকতাহে প্ৰকৃত নিৰ্ভীকতা। বোধিসত্ত্বই কিদৰে এনে ধৰণৰ নিৰ্ভীকতা লাভ কৰিছিল, তাক তলত দিয়া উদাহৰণৰ পৰা বুজিব পৰা যাব।

 বুদ্ধ ভগৱানে জানুশ্ৰেণী ব্ৰাহ্মণৰ আগত কয়, ‘হে ব্ৰাহ্মণ, যেতিয়া মোৰ সম্বোধ লাভ হোৱা নাছিল আৰু মই কেৱল বোধিসত্বহে আছিলোঁ, তেতিয়া মোৰ এনে লাগিছিল যে যি শ্ৰমণ বা ব্ৰাহ্মণে পৰিশুদ্ধ কায়-কৰ্মৰ আচৰণ নকৰি অৰণ্যত বাস কৰে তেনে শ্ৰমণ বা ব্ৰাহ্মণে সেই দোষৰ কাৰণে ভয়-ভৈৰৱক নিমন্ত্ৰণ কৰি মাতি আনে। কিন্তু মোৰ কৰ্ম্ম পৰিশুদ্ধ, যেতিয়া মই দেখিলোঁ যে পৰিশুদ্ধ কায়-কৰ্ম্ম কৰা অৰণ্যবাসী সজ্জন (আৰ্য্য) সকলৰ ভিতৰৰে ময়ো এজন, তেতিয়া অৰণ্যত বাস কৰি মই অতিশয় নিৰ্ভয়তা অনুভৱ কৰিলোঁ। আন কিছুমান শ্ৰমণ অথবা ব্ৰাহ্মণ অপৰিশুদ্ধ বাচসিক কৰ্ম্মৰ আচৰণত লিপ্ত থাকি, অপৰিশুদ্ধ কৰ্ম্মৰ আচৰণ কৰি, অপৰিশুদ্ধভাৱে অজীৱ (জীৱিকা) নিৰ্ব্বাহ কৰি অৰণ্যত বাস কৰে। কিন্তু মোৰ বাচসিক আৰু মানসিক কৰ্ম্ম তথা