ধৰিলে। কচায়ে অস্ত্ৰেৰে গৰুৰ পেট যিদৰে ৰুকি দিয়ে মোৰ পেটো তেনেকৈ কোনোবাই ৰুকি দিয়া যেন অনুভৱ কৰিলোঁ। এই সকলো অৱস্থাতে মোৰ উৎসাহ অটুট আহিল, স্মৃতি স্থিৰ আছিল, কিন্তু শৰীৰত শক্তি কম হৈ গৈছিল। তথাপিও এই কষ্টপ্ৰদ বেদনাবোৰে মোৰ চিত্তৰ বাবে বাধাৰ সৃষ্টি কৰিব নোৱাৰিলে।'
তৃতীয় অধ্যায়ত আমি শ্ৰমণসকলৰ মানবিধ তপশ্চৰ্য্যাৰ বৰ্ণনা কৰি আহিছোঁহক। তাত হঠযোগৰ উল্লেখ কৰা হোৱা নাই। তথাপি কব লাগিব যে সেই সময়ত এনেদৰৰ হঠৰোগৰ অভ্যাস কৰা তপস্বী আছিল। নহলে বোধিসত্ত্বই তেনে যোগৰ অভ্যাস আৰম্ভ নকৰিলেহেঁতেন।
উপৱাস—এইদৰে হঠযোগ কৰাৰ পিচত বোধিসত্ত্বই বুজিব পাৰিলে যে তাত কোনো তথ্য নাই; তেতিয়া তেওঁ উপৱাস কৰিবলৈ ধৰিলে। কিন্তু সম্পূৰ্ণভাৱে অন্নজল ত্যাগ কৰাটো তেওঁ উচিত বুলি বিবেচনা নকৰিলে। গতিকে তেওঁ তেনেই কম পৰিমাণৰ আহাৰ গ্ৰহণ কৰিবলৈ ললে। ভগৱানে সচ্চকৰ আগতে কৈছে, 'হে অগ্গিৱেস্সন, মই তেনেই কম পৰিমাণৰ আহাৰ কৰিবলৈ ললোঁ। মগুমাহৰ পানী, কুলথীৰ পানী, মটৰমাহ বা বুটমাহৰ পানী খাই থাকিবলৈ ললোঁ। সেই পানীৰ মাত্ৰা তেনেই কম হোৱা হেতুকে মোৰ শৰীৰ বৰ দুৰ্ব্বল হৈ পৰিল। আসিতকৱল্লী বা কালৱল্লীৰ গাঁথিৰ নিচিনা মোৰ শৰীৰৰ গাঁথিবোৰ ওলাই পৰিল। মোৰ তপিনা উটৰ ভৰিৰ নিচিনা হৈ গল। সূতাৰ টাকুৰীৰ মালৰ নিচিনা মোৰ ৰাজহাড় শুকাই গল। ভাগিছিগি যোৱা ঘৰৰ ৰুৱা কামিবোৰৰ নিচিনাকৈ মোৰ হাড়বোৰো তলাওপৰা হৈ যোৱা যেন দেখা গল। অতি দ কুৱাত পৰা নক্ষত্ৰৰ প্ৰতিবিম্বৰ নিচিনা মোৰ চকু দুটাও বহি গল। কেঁচা লাও কাটি ৰ’দত দিলে যেনেকৈ শুকাই যায়, মোৰ গাৰ চালৰ অৱস্থাও তেনেকুৱা হৈ পৰিল। মোৰ