পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
ভগৱান বুদ্ধ
 

 ভগৱানে কয়, 'হে ভিক্ষুসকল, মঙ্গল নো কি তাক জনাৰ উদ্দেশ্যে লোকোত্তৰ শান্তিৰ শ্ৰেষ্ঠ ঠাই বিচাৰি বিচাৰি অৱশেষত উৰুৱেলাত সেনানিগম উপস্থিত হলোঁ। তাত মই মনোৰম ঠাইখিনি দেখিবলৈ পালোঁ। তাত সুশোভিত বন আছিল আৰু নৈ কুলু কুলু সুৰে ধীৰে ধীৰে বৈ আছিল। তাৰ দুয়ো পিনে বগা বালিৰ পথাৰ আছিল, তাত উঠা নমা কৰাটো বৰ সহজ আৰু মনোৰম আছিল। সেই বনৰ চাৰিওপিনে ভিক্ষাটন কৰিবলৈ গাওঁ দেখিবলৈ পোৱা গৈছিল। সেই ৰমণীয ঠাইখিনি ভাল ঘৰৰ মানুহৰ বাবে তপশ্চৰ্য্যাৰ যোগ্য বুলি মোৰ ধাৰণ হল; গতিকে মই তাতেই তপশ্চৰ্য্যা কৰিলোঁ।
 ভালেমান ঠাইতে উল্লেখ আছে যে ৰাজগৃহৰ চাৰিও পিনে থকা পাহাৰবোৰত নিৰ্গ্ৰন্থ আদি শ্ৰমণ সকলে তপশ্চৰ্য্যা কৰিছিল। কিন্তু তপশ্চৰ্য্যাৰ কাৰণে ৰুক্ষ পৰ্ব্বত বোধিসত্ত্বৰ ভাল নালাগিল। তেওঁ উৰুৱেলা ৰম্য বনভূমি বাছি ললে। তাৰ দ্বাৰা প্ৰাকৃতিক সৌন্দৰ্য্য যে তেওঁ ভাল পাইছিল, তাৰে প্ৰমাণ পোৱা যায়।

 তিনিটা উপমা—তপশ্চৰ্য্যা কৰাৰ আগতে বোধিসত্ত্বই তিনিটা উপমা ভাবি উলিযালে উলিয়ালে। 'মহাসচ্চক সুত্ত’ত তাৰ বৰ্ণনা কৰা হৈছে। ভগৱানে কয, 'হে অগ্‌গিৱেস্‌সন, ধৰি লোৱা এদাল তিতা কাঠ পানীত ওপঙি আছে; কোনো মানুহে যদি উত্তৰাৰণি (জুইতোলাৰ বাবে ব্যৱহাৰ কৰা শুকান কাঠ) লৈ তাত ঘঁহিবলৈ ধৰে তেন্তে তেওঁ জুই উৎপন্ন কৰিব পাৰিবনে?'
 সচ্চক-হে গৌতম, তেনে কাঠৰ পৰা জুই সম্ভৱ নহয়, কিয়নো সি তিতা। তেনে মানুহৰ পৰিশ্ৰম ব্যৰ্থ হব আৰু তেওঁ মিছাকৈয়ে কষ্ট কৰিব।
 ভগৱান—সেইদৰে, হে অগ্‌গিৱেস্‌সন, যি শ্ৰমণ আৰু ব্ৰাহ্মণৰ