পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
ভগৱান বুদ্ধ
 

চোৱাৰ বাবে সেই (বিম্বিসাৰ ৰজাই পঠোৱা) দূতহঁত তেওঁৰ পিচে পিচে গল।
 (৯) ইন্দ্ৰিয়সকলৰ ৰক্ষা কৰি ঘৰে ঘৰে ভিক্ষা খুজি বিৱেকী আৰু জাগ্ৰত বোধিসত্ত্বই তুৰন্তে নিজৰ ভিক্ষা-পাত্ৰ ভৰাই ললে।
 (১০) ভিক্ষাটন সমাপ্ত কৰি সেই মুনিজনা নগৰৰ বাহিৰ ওলাল আৰু থকাৰ ঠাই বিচাৰি পাণ্ডৱ পৰ্ব্বতলৈ গল।
 (১১) তেওঁ তাতে থকা দেখি দূতহঁত তেওঁৰ ওচৰত বহিল আৰু তেওঁলোকৰ এজন ৰজাৰ ওচৰলৈ গৈ কলে—
 (১২) 'মহাৰাজ, সেই ভিক্ষুজন পাণ্ডৱ পৰ্ব্বতৰ পুব পিনে ব্যাঘ্ৰৰ নিচিনাকৈ, ঋষভৰ নিচিনাকৈ অথবা পৰ্ব্বতৰ গুহানিবাসী সিংহৰ নিচিনাকৈ বহি আছে।'
 (১৩) দূতৰ সেই কথা শুনি সেই ক্ষত্ৰিয় (ৰজা) উত্তম যানত বহিল আৰু ততালিকে পাণ্ডৱ পৰ্ব্বতৰ পিনে ৰাওনা হল।
 (১৪) যান যাব পৰা ঠাইলৈ গৈ সেই ক্ষত্ৰিয়জন যানৰ পৰা নামিল আৰু খোজ কাঢ়িযে তেওঁ (বোধিসত্ত্বৰ ওচৰলৈ গৈ) ওচৰতে বহি পৰিল।
 (১৫) তাত বহি ৰজাই তেওঁক কুশল-প্ৰশ্নাদি সুধিলে। কুশল- প্ৰশ্ন সোধাৰ পিচত তেওঁ এই বুলি কলে—
 (১৬) 'তুমি যুৱক আৰু তৰুণ, তোমাৰ মানুহৰ প্ৰথম বয়স (ডেকা কাল)। তোমাৰ কান্তি ভাল ঘৰৰ ক্ষত্ৰিয়ৰ নিচিনা অতিশয় আকৰ্ষণীয় যেন দেখা যায়।
 (১৭) 'তুমি হাতী সমুদায় লগত লৈ মোৰ সেনাৰ শোভাবৰ্দ্ধন কৰা। মই তোমাক সা-সম্পত্তিও দিওঁ, তুমি তাক উপভোগ কৰা আৰু এতিয়া মোৰ আগত কোৱা—তোমাৰ জাতি কি?'
 (১৮) 'হে ৰজা, ইয়াৰ পৰা পোনে পোনে হিমালয়ৰ নামনিত ধন আৰু বীৰ্য্যসম্পন্ন এখন দেশ আছে আৰু সি কোশল ৰাষ্ট্ৰৰ অন্তৰ্গত।