পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


তপশ্চৰ্য্যা আৰু তত্ত্ববোধ

আলাৰ কালামৰ লগত সাক্ষাৎ


গৃহত্যাগ কৰি পোনে পোনে বোধিসত্ত্ব ৰাজগৃহলৈ গুচি যায়, তাত বিম্বিসাৰ ৰজাৰ লগত তেওঁৰ সাক্ষাৎ হয়। তাৰ পিচত তেওঁ আলাৰ কালামৰ ওচৰলৈ গৈ তেওঁৰ পৰা তত্ত্ব-জ্ঞান শিকে। জাতক ‘নিদান কথা’ত এনেধৰণৰ বৰ্ণনা পোৱা যায়। অশ্বঘোষৰ দ্বাৰা ৰচিত ‘বুদ্ধচৰিত’ কাব্যতো নিদান কথাৰ ক্ৰমকে স্বীকাৰ কৰা হৈছে; 'ললিত ৱিন্তৰ'ৰ মতে ‘প্ৰথমতে বোধিসত্ত্ব বৈশালিলৈ যায় আৰু তাতে আলাৰ কালামৰ শিষ্য হয়।' এই সম্বন্ধে এই পুথিত বিস্তাৰিতভাৱে বৰ্ণনা কৰা আছে। 'তাৰ পিচত তেওঁ ৰাজগৃহলৈ যায়।' কিন্তু প্ৰাচীন সুত্তৰ বৰ্ণনাৰ লগত এই দুয়োটা বৰ্ণনাৰে মিল নাই। ওপৰত উল্লেখ কৰি অহা ‘অৰিয় পৰিয়েসন সুত্ত’ৰ উদ্ধৃতিত কোৱা হৈছে যে বুদ্ধই ঘৰতে আৰু বাপেক মাকৰ আগতে প্ৰব্ৰজ্যা গ্ৰহণ কৰে। তাৰ ঠিক পিচতে এই বুলি উল্লেখ কৰা হৈছে:
 সো এৱং পব্বজিতো সমানো কিংকুসলগৱেসী অনুত্তৰং সন্তিৱৰপদং পৰিয়েসমানো যেন আলাৰো কালামো তেমুপসংকমিং।
 অৰ্থাৎ (ভগৱানে কয়) 'এনেদৰে প্ৰব্ৰজ্যা গ্ৰহণ কৰাৰ পিচত হিতকাৰী মাৰ্গ কোনটো তাক জনাৰ উদ্দেশ্যেৰে শ্ৰেষ্ঠ, লোকোত্তৰ, শান্ত তত্ত্বৰ অনুসন্ধান কৰি মই আলাৰ কালামৰ ওচৰলৈ গলোঁ।'
 এই উদ্ধৃতিৰ পৰা অনুমান হয় যে বোধিসত্ত্ব প্ৰথমতে ৰাজগৃহলৈ নগৈ আলাৰ কালামৰ ওচৰলৈহে গৈছিল। আলাৰ কালাম কোশল দেশৰ নিবাসী আছিল। ‘অঙ্গুত্তৰ নিকায় তিকনিপাত’ত (সুত্ত সং ৬৫)