পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
ভগৱান বুদ্ধ
 

 সো খো অহং ভিৱখৱে অপৰেন সময়েন দহৰো ৱ সমানো সুসু কালকেসো ভদ্ৰেন যোব্বনেন সমন্নাগতো পঠমেন ৱয়সা অকামকানং মাতা পিতুন্নং অস্‌মুখানং ৰুদন্তানং কেসমস্‌সুং ওহাৰেত্বা কাসাৱানি ৱৎথানি অচ্ছাদেত্বা অগাৰস্মা অনগাৰিয়ং পব্বজিং।
 অৰ্থাৎ ‘হে ভিক্ষুসকল, এইদৰে বিবেচনা কৰি অলপ সমযৰ পিচত, যদিও সেই সময়ত মই তৰুণ আছিলোঁ, মোৰ এদালো চুলি পকা নাছিল, মই ঠিক ডেকা অৱস্থাত আছিলোঁ আৰু মোৰ মা পিতাই মোক আজ্ঞা দিয়া নাছিল, ধাৰাষাৰে বৈ থকা চকুপানীৰে তেওঁলোকৰ মুখ তিতি গৈছিল, তেওঁলোকে অনবৰত কান্দি আছিল, তথাপিও মই (একোলৈকে ভ্ৰূক্ষেপ নকৰি শিৰোমুণ্ডন কৰি কাষায় বস্ত্ৰেৰে গা ঢাকি লৈ ঘৰৰ পৰা বাহিৰ হৈ গলোঁ। (অৰ্থাৎ মই সন্ন্যাসী হলোঁ)।'
 ‘মহাসচ্চক সুত্ত'তো এই শব্দবিন্যাসেৰেই এই কাহিনী বৰ্ণনা পোৱা যায়। গতিকে ঘৰৰ মানুহক নোকোৱাকৈ ছন্নৰ লগত কন্থকৰ ওপৰত উঠি বোধিসত্ত্ব পলাই যোৱা বুলি কোৱাটো সম্পূৰ্ণ ভুল যেন লাগে। গৌতমৰ জন্মৰ সাত দিনৰ পিচতে তেওঁৰ আপোন মাতৃ মায়াদেৱীৰ মৃত্যু হৈছিল, কিন্তু মহাপ্ৰজাপতি গৌতমীয়ে তেওঁক নিজৰ পুতেকৰ নিচিনাকৈ লালন পালন কৰিছিল। গতিকে ওপৰত দি অহা উদ্ধৃতিত বুদ্ধ ভগৱানে তেওঁকে মা বুলি কৈছে চাগৈ। এই উদ্ধৃতিৰ পৰা স্পষ্টভাৱে দেখা যায় যে বোধিসত্ত্বই পৰিব্ৰাজক হবলৈ স্থিৰ কৰি লৈছিল। সেই কথা শুদ্ধোদন আৰু গৌতমীয়েও ভালেমান দিনৰ আগৰে পৰাই জানিছিল। তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে আৰু তেওঁলোকৰ আগতে

বোধিসত্ত্বই প্ৰব্ৰজ্যা গ্ৰহণ কৰিছিল।