গৃহত্যাগৰ প্ৰসঙ্গ
বোধিসত্ত্বই গৃহত্যাগৰ দিনা নিশা নিজৰ প্ৰাসাদত বহি আছিল।
তেওঁৰ হাউলিৰ তিৰোতা সকলে বাদ্য-গীত আদিৰে তেওঁৰ মন প্ৰসন্ন
কৰিবলৈ বহুতো চেষ্টা কৰিছিল। কিন্তু তাত হলে বোধিসত্ত্বৰ-মন
নবহিল। শেহত তিৰোতাসকল ভাগৰি শুই পৰিল। টোপনিতে
কোনেও হয়তো বলকিবলৈ ধৰিলে, কাৰো মুখৰ পৰা হয়তোবা
লেলাৱতি ববলৈ ধৰিলে। এই দৃশ্য দেখি বোধিসত্ত্বৰ বৰ ঘৃণা উপজিল
আৰু তেওঁ তলৰ মহলালৈ গৈ ছন্ন সাৰথিক জগালে। ছন্নই কন্থক
নামৰ ঘোঁৰাটো সজাই পৰাই আনিলে। বোধিসত্ত্ব ঘোঁৰাৰ ওপৰত
উঠিল আৰু ছন্নই ঘোঁৰাৰ নেজত ধৰিলে। দেৱতাসকলে দুয়োৰো
বাবে নগৰৰ দুৱাৰ মেলি দিলে। তাৰে বাহিৰ ওলাই তেওঁলোক দুয়ো
অনোমা নৈৰ পাৰত উপস্থিত হল। তাতে বোধিসত্ত্বই নিজৰ
তৰোৱালেৰে নিজৰ চুলি কাটি পেলালে আৰু গাৰ অলঙ্কাৰ আদি ছন্নক
শোধাই দি ৰাজগৃহৰ পিনে গুচি গল। বোধিসত্ত্বৰ বিয়োগত কন্থকে
অনোমা নৈতে নিজৰ দেহ বিসৰ্জ্জন কৰিলে আৰু ছন্ন সাৰথিয়ে অলঙ্কাৰ
আদি লৈ কপিলৱস্তুলৈ উভতি গল।
চমুকৈ এয়ে হল ‘নিদান কথা’ৰ কাহিনী। নিদান কথা’, ‘ললিত-
ৱিন্তৰ' আৰু ‘বুদ্ধ চৰিত্ৰ'ত এই প্ৰসঙ্গৰ ৰসাল বৰ্ণনা পোৱা যায় আৰু
বুদ্ধ চিত্ৰকলাৰ ওপৰত ইয়াৰ সুন্দৰ প্ৰভাৱ পৰা দেখা যায়। কিন্তু
এই কাহিনীত একেবাৰেই গ্ৰহণযোগ্য তথ্য নাই যেন লাগে আৰু
থাকিলেও তেনেই সামান্য থাকিব পাৰে যেন অনুমান হয়, কিয়নো
ইয়াতকৈ পুৰণি সুত্তবোৰত এই অসম্ভৱনীয় উপকথাৰ বাবে কোনোৰূপ
আধাৰ পোৱা নাযায়।
‘অৰিয় পৰিয়েসনসুত্ত’ত স্বয়ং ভগৱান বুদ্ধই নিজৰ গৃহত্যাগৰ
সময়ৰ ঘটনা এইদৰে বৰ্ণনা কৰিছে: