পব্বজং কিত্তয়িস্সামি যথা পব্বজি চক্খুমা।
যথা ৱীমংসমানো সো পব্বজং সমৰোচয়ি॥১॥
সংবাধোহয়ং ঘৰৱাসো ৰজস্সায়তনং ইতি।
অন্তোকাসো চ পব্বজ্জা ইতি দিস্বান পব্বজি॥২॥
১। চক্ষুষ্মন্তই কিয় প্ৰব্ৰজ্যা গ্ৰহণ কৰিলে আৰু কি বিচাৰেৰে সি
প্ৰিয় লাগিল তাক বুজাই দি মই সেই প্ৰব্ৰজ্যাৰ বৰ্ণনা কৰোঁ।
২। গৃহস্থাশ্ৰম বাধা-বিপত্তি আৰু আবৰ্জ্জনাৰ ঠাই আৰু প্ৰব্ৰজ্যা
মুকলি বতাহ এই কথা জানি তেওঁ পৰিব্ৰাজক হৈ যায়।
এই কথাৰ আধাৰ ‘মজ্ঝিম নিকায়’ৰ ‘মহাসচ্চক সুত্ত’তো পোৱা
যায়। তাত ভগৱানে কয়, “হে অগ্গিৱেস্সন, সম্বোধিজ্ঞান হোৱাৰ
আগতেই, বোধিসত্ত্বৰ অৱস্থাত থাকোতেও মোৰ অনুভৱ হৈছিল যে
গৃহস্থাশ্ৰম বাধা-বিপত্তি আৰু আবৰ্জ্জনাৰ ঠাই আৰু প্ৰব্ৰজ্যা মুকলি
বতাহ। গৃহস্থাশ্ৰমত থাকি অতিশয় পৰিপূৰ্ণ আৰু পৰিশুদ্ধ ব্ৰহ্মচৰ্য্যৰ
আচৰণ কৰা সম্ভৱ নহয়। গতিকে মুণ্ডন কৰি আৰু কাষায় বস্ত্ৰ ধাৰণ
কৰি ঘৰৰ পৰা বাহিৰ ওলাই পৰিব্ৰাজক হোৱা উচিত।'
কিন্তু ‘অৰিয় পৰিযেসন সুত্ত’ত ইয়াতকৈ অলপ ভিন কাৰণ দিয়া
হৈছে। ভগৱানে কয়, 'হে ভিক্ষুসকল, সম্বোধি জ্ঞান হোৱাৰ আগতে
যেতিয়া মই বোধিসত্ত্ব আছিলোঁ তেতিয়া মই নিজে জন্মধৰ্ম্মী হৈও জন্মৰ
চক্ৰত সাঙোৰ খাই থকা বস্তুৰ (পুত্ৰ, দাৰা, দাস, দাসী আদিৰ) প্ৰতি
আসক্ত হৈ আছিলোঁ। (অৰ্থাৎ এইবোৰ বস্তুৰ ওপৰতে মোৰ সুখ
নিৰ্ভৰ কৰে বুলি মোৰ ধাৰণা আছিল।) নিজে জৰাধৰ্ম্মী হোৱা
সত্ত্বেও, ব্যাধিধৰ্ম্মী সত্ত্বেও, মৰণধৰ্ম্মী হোৱা সত্ত্বেও, শোকধৰ্ম্মী
হোৱা সত্ত্বেও জৰা, ব্যাধি, মৰণ আৰু শোক চক্ৰত সাঙোৰ
খাই থকা বস্তুৰ প্ৰতি আসক্ত হৈ আছিলোঁ। তাৰ পিচত মোৰ মনত
এই চিন্তাৰ উদয় হল—মই নিজে জন্ম, জৰা, মৰণ, ব্যাধি আৰু শোকৰ