মাজলৈ গৈ বুদ্ধ ভগৱানে এই সুত্তৰ উপদেশ দিয়া বুলি জাতক অট্ঠ-
কথাৰ ভালেমান ঠাইতে উল্লেখ কৰা হৈছে। কিন্তু সি সঠিক নহয়
যেন লাগে। এনেয়ে, শাক্য আৰু কোলিয়সকলক ভগৱান বুদ্ধই
উপদেশ দিছিল চাগৈ আৰু তেওঁলোকৰ মাজত দেখা দিয়া বিৰোধ তেওঁ
নিষ্পত্তি কৰি দিয়াটোও সম্ভৱ; কিন্তু ওপৰত উল্লেখ কৰি অহা উপলক্ষত
তেওঁ এই সুত্তৰ উপদেশ দিয়াৰ কোনো কাৰণ দেখা নাযায়। এই
সুত্তত ভগৱানে কৈছে যে তেওঁ কিদৰে বৈৰাগ্য লাভ কৰিলে আৰু কিয়
গৃহ-ত্যাগ কৰি গল। ৰোহিণী নৈৰ পানী বা তেনে কোনো সৰু-সুৰা
কাৰণ লৈ শাক্য আৰু কোলিয়সকলৰ মাজত হাই-কাঁজিয়া লাগিছিল।
তেনে অৱস্থাত অস্ত্ৰ ব্যৱহাৰ কৰাটো উচিত হব নে নহয় সেই সম্বন্ধে
হয়তো বোধিসত্ত্বৰ সমুখত প্ৰশ্ন উপস্থিত হৈছিল। কিন্তু অস্ত্ৰৰ দ্বাৰা
এই কাঁজিয়াৰ নিষ্পত্তি কৰাটো সম্ভৱ নাছিল। বলপ্ৰয়োগৰ দ্বাৰা শাক্য
আৰু কোলিয়হঁতৰ কাঁজিয়াৰ নিষ্পত্তি হলেও, তাৰ অৱসান নহলহেঁতেন,
কিয়নো তেনেদৰে কাঁজিয়া নিষ্পত্তি কৰোতাই আকৌ চুবুৰীয়া ৰজাৰ
লগত যুদ্ধ কৰিব লাগিলহেঁতেন, তেওঁক হৰুবাৰ পিচতো তেওঁৰ ওচৰত
থকা আন ৰজাৰ লগত যুদ্ধ কৰিব লাগিলেহেঁতেন; এনেদৰে অস্ত্ৰ
আশ্ৰয় ললে সকলো ঠাইতে জয় লাভ কৰাটো অনিবাৰ্য্য হৈ উঠিল-
হেঁতেন। পিচে জয় লাভ কৰাৰ পিচতে শান্তি জানো পোৱা
গলহেঁতেন? পসেনদি কোসল আৰু বিম্বিসাৰৰ নিজৰ নিজৰ পুত্ৰই
তেওঁলোকৰ শত্ৰু হৈ পৰিছিল। গতিকে এই অস্ত্ৰগ্ৰহণৰ পৰা কি
লাভ? আদিৰ পৰা অন্তলৈকে যুদ্ধ কৰি থকাই নহয় জানো? এই
সশস্ত্ৰ প্ৰবৃত্তিমাৰ্গত বোধিসত্ত্ব বিৰক্ত হৈ উঠিছিল, গতিকেই তেওঁ শস্ত্ৰ-
নিবৃত্তি মাৰ্গ গ্ৰহণ কৰিছিল।
‘সুত্তনিপাত’ৰ ‘পব্বজ্য়া সুত্ত’ৰ আৰম্ভণিতে তলত দিয়া গাথা কেইটি আছে:
পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৩৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
ভগৱান বুদ্ধ