বুঢ়া মানুহজনক দেখি বোধিসত্ত্বই সাৰথিক কিদৰে প্ৰশ্ন কৰিলে, সেই
সম্বন্ধে জাতক অট্ঠকথাকাৰে কয়, ‘মহাপদানে আগতনয়েন পুচ্ছিত্বা'
(মহাপদান সুত্ত’ত দিয়া কথা অনুসৰি প্ৰশ্ন সুধি) গতিকে ‘মহাপদান
সুত্ত’ৰ পৰাই এই আটাইবোৰ অদ্ভুত কথা লোৱা বুলি ধৰি লব লাগিব।
তেন্তে বোধিসত্ত্বই গৃহত্যাগ কৰাৰ কাৰণনো আছিল কি? ইয়াৰ
উত্তৰ স্বয়ং বুদ্ধ ভগৱানে ‘অত্তদণ্ডসুত্ত’ত এইদৰে দিছে :
অত্তদণ্ডা ভযং জাতং জনংপস্সথ মেধকং।
সংৱেগং কিত্তয়িস্সামি যথা সংৱিজিতং ময়া॥১॥
ফন্দমানং পজং দিস্বা মচ্ছে অপ্পোদকে যথা।
অঞ্ঞমঞ্ঞেহি ব্যাৰুদ্ধে দিস্বা মং ভয়ভাৱিসি॥২॥
সমস্তমসৰো লোকো, দিসা সব্বা সমেৰিতা।
ইচ্ছং ভৱনমত্তনো নাদ্দসাসিং অনোসিতং।
ওসানে ত্বেৱ ব্যাৰুদ্ধে দিস্বা মেং অৰতী অহ॥৩॥
অৰ্থাৎ (১) অস্ত্ৰ ধাৰণ ভয়াবহ লাগিল। (তাৰ সৈতে) মানুহে
কেনেকৈ যুজ-বাগৰ কৰে চোৱা। মোৰ অন্তৰত সংৱেগ (বৈৰাগ্য)
কি দৰে উপজিল, তাকো মই কওঁ। (২) অলপ পানীত মাছ যিদৰে
ছটফটাই থাকে ঠিক তেনেদৰে পৰস্পৰৰ মাজত বিৰোধ কৰি ছটফটাই
থকা প্ৰজাসকলক দেখি মোৰ অন্তৰত ভয়ৰ সৃষ্টি হল। (৩) চাৰিওপিনে
জগৎখন অসাৰ যেন লাগিল, যেন চাৰিও দিশ কঁপিবলৈ ধৰিলে,
এনে অনুভৱ হল আৰু তাত আশ্ৰয় থল বিচাৰি নিৰ্ভয় স্থান বাছি
উলিয়াব নোৱাৰিলোঁ, কিয়নো আদিৰ পৰা অন্তলৈকে আটাইবোৰ
লোককে পৰম্পৰ বিৰুদ্ধ হোৱা দেখি মোৰ মন টেঙাই গল।
ৰোহিণী নৈৰ পানীৰ বাবে শাক্য আৰু কোলিয় সকলে যুঁজ-বাগৰ
কৰিছিল। এবাৰ উভয় পক্ষই নিজৰ নিজৰ সৈন্য-সামন্ত সুসজ্জিত কৰি
ৰোহিনী নৈৰ ওচৰলৈ লৈ গৈছিল। তেতিয়া উভয় পক্ষৰ সেনাৰ