পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
ভগৱান বুদ্ধ
 

নহল, এতিয়া মই ভগৱানৰে উপাসক হওঁ।' অট্‌ঠকথাকাৰৰ মতে ৱপ্প ভগৱানৰ খুৰায়েক আছিল, কিন্তু মহাদুক্‌থক্‌খন্ধ সুত্ত’ৰ অট্‌ঠকথাৰ লগত এই কথাৰ মিল নাই। সি যিকি নহওক, ৱপ্পনামৰ এজনা বয়োবৃদ্ধ শাক্য জৈন আছিল বুলি আমি নিঃসন্দেহ হব পাৰোঁ‌হক। তাৰ অৰ্থ হল বোধিসত্ত্বৰ জন্মৰ আগতেই শাক্যসকলৰ দেশত জৈন ধৰ্ম্মৰ প্ৰসাৰ হৈছিল। গতিকে বোধিসত্ত্বই পৰিব্ৰাজক সম্বন্ধে একো নজনা কথাটো অসম্ভৱ যেন লাগে।
 তেন্তে এই আটাইবোৰ অদ্ভুত কথা বোধিসত্ত্বৰ জাৱন-চৰিত্ৰত কিদৰে সোমাই পৰিল? এইবোৰ সোমাল ‘মহাপদান সুত্ত’ৰ পৰা।[১২]


(১২)^ অপাদান (সংস্কৃত অৱদান) শব্দৰ অৰ্থ হল সজ চৰিত্ৰ। যি সুত্তত মহাপুৰুষ-

সকলৰ সচ্চৰিত্ৰৰ সংগ্ৰহ কৰা হৈছে, তাৰে নাম 'মহাপদান সুত্ত'। ইয়াত পূৰ্ব্ব যুগৰ ছজনা আৰু বৰ্ত্তমান যুগৰ গৌতম বুদ্ধক লৈ সাতজন বুদ্ধৰ জীৱন-চৰিত্ৰ আৰম্ভণিতে চমুকৈ দি ৱিপস্‌সী বুদ্ধৰ জীৱন-চৰিত্ৰ বিতংভাৱে বৰ্ণনা কৰা হৈছে। অট্‌ঠকথাকাৰৰ মতে ই এটা চানেকীহে, আৰু ইয়াৰ আধাৰতে বুদ্ধসকলৰ জীৱনী বৰ্ণনা কৰা উচিত। এই বৰ্ণনাৰ অধিকখিনি এই সুত্ত ৰচনা কৰাৰ আগতে বা পিচত গৌতমবুদ্ধৰ জীৱনীত সামৰি লোৱা হয় আৰু ইয়াক ‘ত্ৰিপিটক'ৰ বিভিন্ন ঠাইতো পাবলৈ আছে। কিন্তু উদ্যান- দৰ্শনৰ অংশ হলে ‘ত্ৰিপিটক’ত নাই। ইয়াক জাতক অটঠকথাকাৰে গ্ৰহণ কৰিছে। ইয়াৰ আগতে 'ললিতৱিন্তৰ' আৰু 'বুদ্ধ-চৰিত্ৰ’ কাব্যতে এই কথাৰ সমাৱেশ কৰা হৈছিল।
 গৌতমবুদ্ধৰ কাৰণে তিনিটা প্ৰাসাদ সজোৱাৰ কথাটো ঐতিহাসিক বুলি মই বিবেচনা কৰিছিলো, কিন্তু সিও বোধহয় কাল্পনিক কাহিনী; কিয়নো শুদ্ধোদনৰ নিচিনা নজে শ্ৰম কৰা এজন সৰু জমিদাৰে নিজৰ লৰাৰ কাৰণে তিনিটা প্ৰাসাদ সজাই দিয়াটো সম্ভৱ যেন নালাগে।
 ‘দীঘনিকায়’ৰ দ্বিতীয় ভাগৰ অনুবাদক হৈছে স্বৰ্গীয় চিন্তামন বৈজনাথ ৰাজৱাড়ে (প্ৰকাশক গ্ৰন্থ-সম্পাদক ৱ প্ৰকাশক মণ্ডলী নং ৩৮০ ঠাকুৰদ্বাৰ ৰোড, বোম্বাই নং ২) এই পুথিৰ আৰম্ভণিতে ‘মহাপদান সুত্ত’ৰ মাৰাঠী ভাষান্তৰ দিয়া হৈছে। জিজ্ঞাসু পাঠকে তাক অৱশ্যে পঢ়া উচিত।