পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৌতম বােধিসত্ত্ব
৯৭
 

তৃতীয়বাৰ মৃত আৰু চতুৰ্থবাৰ এজন পৰিব্ৰাজকক তেওঁৰ সমুখত দেখুৱাই দিয়ে। তাৰ ফলত তেওঁৰ সম্পূৰ্ণভাৱে বিৰাগ জন্মে আৰু গৃহত্যাগ কৰে। তাৰ পিচত তত্ত্ববোধৰ মাৰ্গ বিচাৰি উলিৱাত প্ৰবৃত্ত হয়। ‘ললিতৱিন্তৰ' আদি পুথিত এই সম্বন্ধে অতিশয় ৰসাল বৰ্ণনা পোৱা যায়। তথাপি কব লাগিব যে সেই বৰ্ণনাৰ সকলোখিনি সঁচা বুলি মানি লব নোৱাৰি। যদিহে বোধিসত্ত্বই বাপেকৰ লগত গৈ খেতি পথাৰত কাম কৰিছিল আৰু আলাৰ কালামৰ আশ্ৰমলৈ গৈ দৰ্শনৰ শিক্ষা লাভ কৰিছিল তেন্তে তেওঁ বুঢ়া, ব্যাধিগ্ৰস্ত অথবা মৃত ব্যক্তি নেদেখাটো কেনেকৈ সম্ভৱ হব পাৰে?
 সদৌ শেহৰ দিনা বোধিসত্ত্ব উদ্যানলৈ যোৱাত দেৱতাসকলে এজন উত্তম পৰিব্ৰাজক নিৰ্ম্মাণ কৰি তেওঁৰ সমুখত ৰাখিলে। তেতিয়া বোধিসত্ত্বই সাৰথিক সুধিলে, ‘এওঁ কোন? যদিও সেই সময়ত বোধিসত্ত্ব বা সাৰথিৰ পৰিব্ৰাজক অথবা পৰিব্ৰাজকৰ গুণ সম্বন্ধে একো জ্ঞান নাছিল তথাপি তেওঁ দেৱতাসকলৰ প্ৰভাৱত পৰি কলে, ‘এওঁ পৰিব্ৰাজক’ আৰু তেওঁ পৰিব্ৰাজকৰ গুণ বৰ্ণনা কৰিলে! এই হল জাতক অট্‌ঠকথাকাৰৰ বক্তব্য। কিন্তু কপিলৱস্তু আৰু শাক্যসকলৰ ওচৰ-চুবুৰীয়া ৰাজ্যত যদি পৰিব্ৰাজকসকলৰ আশ্ৰম আছিল তেন্তে বোধিসত্ত্ব অথবা সাৰথিৰ পৰিব্ৰাজক সম্বন্ধে একেবাৰে কোনো জ্ঞান নথকাটো জানো আচৰিত কথা নহয়?
 ‘অঙ্গুত্তৰনিকায়’ৰ চতুক্কনিপাতত[১১] ৱপ্প শাক্যৰ কাহিনী পোৱা যায়। তেওঁ আছিল নিৰ্গ্ৰন্থ (জৈন) শ্ৰাৱক। এদিনাখন মহামোগ্‌গল্লানৰ লগত তেওঁৰ আলোচনা চলি থকাৰ সময়ত বুদ্ধ ভগৱান তাত উপস্থিত হয় আৰু তাত তেওঁ ৱপ্পক ধৰ্ম্মোপদেশ দিয়ে। তেতিয়া ৱপ্পই কয়, ‘নিৰ্গ্ৰন্থ (জৈন সাধু) সকলৰ উপাসনা কৰাৰ পৰা মোৰ একো লাভ


(১১)^  সুত্ত সংখ্যা ১৯৫।