‘জাতক অট্ঠ কথা’ আৰু আন আন অট্ঠ কথাৰ ভালেমান ঠাইতে
এই বুলি উল্লেখ কৰা হৈছে যে শাক্য আৰু কোলিয়সকল চুবুৰীয়া
আছিল আৰু তেওঁলোকৰ মাজত ওচৰ সম্পৰ্ক আছিল। কেতিয়াবা
কেতিয়াবা ৰোহিণী নৈৰ পানী লৈ হেনো তেওঁলোকৰ মাজত কাজিয়া-
পেচালো লাগিছিল। সেই কোলিয়সকলৰ ৰাজ্যতে আন পন্থৰ
পৰিব্ৰাজকে বৌদ্ধ-সংঘৰ ভিক্ষুক ওপৰত উল্লেখ কৰি অহা প্ৰশ্ন কৰিছিল।
এই পৰিব্ৰাজকসকলে তাত ভালেমান বছৰ ধৰি আছিল চাগৈ। তেওঁ-
লোকৰ আশ্ৰম যে বুদ্ধই ধৰ্ম্মোপদেশ দিয়াৰ পিচত স্থাপিত হোৱা
নাছিল, সেইটো নিশ্চিত কথা; তেওঁলোক আগৰে পৰা তাত আছিল
আৰু এই পৰিব্ৰাজকসকলে মৈত্ৰী, কৰুণা, মুদিতা আৰু উপেক্ষা এই
চাৰিটা ব্ৰহ্ম-বিহাৰৰ ধ্যানকৰাৰ উপদেশ দিছিল।[১০] গতিকে তেওঁলোক
যে কালামৰ পন্থৰে লোক আছিল তাক ধৰি লবলৈকে বা আপত্তি কি!
অন্ততঃ যুৱাৱস্থাতে বোধিসত্ত্বই ব্ৰহ্ম-বিহাৰৰ কথা জানিছিল আৰু তাকে
ধ্যান কৰি প্ৰথম ধ্যানৰ যে সম্পাদন কৰিছিল সেই সম্বন্ধে কোন সন্দেহ
উপস্থিত হব নোৱাৰে।
বোধিসত্ত্বই গৃহত্যাগ কৰাৰ কাৰণ কি? ইয়াৰ পিচত
গুৰুত্বপূৰ্ণ প্ৰসঙ্গ হল বোধিসত্ত্বই নিজৰ প্ৰাসাদ ত্যাগ কৰি উদ্যান ভূমিৰ
পিনে যোৱা। বোধিসত্ত্ব যোৱা বাটত যাতে কোন বুঢ়া, ব্যাধিগ্ৰস্ত
আৰু মৃতব্যক্তি নাথাকে—শুদ্ধোদন মহাৰজাই তাৰ ব্যৱস্থা কৰি
ৰাখিছিল। তথাপি দেৱতাই এটা নিৰ্ম্মিত বুঢ়াক তেওঁৰ দৃষ্টিপথৰ
সন্মুখত আনি হাজিৰ কৰি দিয়ে আৰু বোধিসত্ত্ব বিৰাগী হৈ নিজৰ
প্ৰাসাদলৈ উভতি যায়। তাৰ পিচত দেৱতাই দ্বিতীয়বাৰ ব্যাধিগ্ৰস্ত,
- (১০)^ 'সমাধিমাৰ্গ'ৰ পঞ্চম অধ্যায়ত ব্ৰহ্ম-বিহাৰ সম্বন্ধে মুকলিকৈ আলোচনা
কৰা হৈছে।