এনেদৰে অপাদান-গ্ৰন্থৰ ভালেমান ঠাইতে ‘গোতমো নাম নামেন’ আৰু
‘গোতমো নাম গোত্তেন’—এই দুই প্ৰকাৰৰ উল্লেখ আছে। তাৰ পৰা
এই বুলি সন্দেহ হয় যে বোধিসত্ত্বৰ নাম আৰু গোত্ৰ জানো একেটা
আছিল? কিন্তু সুনিপাত’ৰ তলত দিয়া গাথবোৰৰ পৰা সেই সন্দেহ
নাইকিয়া হয় যেন লাগে:
উজুং জানপদো ৰাজা হিমৱন্তস্স পস্সতো।
ধনিৱিৰিয়েন সম্পন্নো কোসলেসু নিকেতিনো॥
আদিচ্চা নাম গোত্তেন সাকিয়া নাম জাতিয়া।
তম্হা কুল পব্বজিতোহহ্মি ৰাজ ন কামে অভিপৎথয়ং॥[৬]
অৰ্থাৎ, (বোধিসত্ত্বই বিম্বিসাৰ ৰজাৰ আগত কয়)'হে ৰজা, ইয়াৰ
পৰা পোনে পোনে হিমালযৰ নামনিত ধন আৰু শৌৰ্য্য় সম্পন্ন এখন
দেশ আছে। সেই দেশ কোসল ৰাষ্ট্ৰৰ ভিতৰত। তাৰ লোকসকলৰ
গোত্ৰ আদিত্য আৰু তেওঁলোকক শাক্য বোলা হয়।
হে ৰজা, সেই
কুলৰ পৰা মই যে পৰিব্ৰাজক হৈছোঁ, সি কামোপভোগৰ ইচ্ছাৰ দ্বাৰা
নহয়।'
এই গাথাবোৰত শাক্যসকলৰ গোত্ৰ আদিত্য বুলি কোৱা হৈছে।
একেলগে আদিত্য আৰু গৌতম এই দুটা গোত্ৰ হব নোৱাৰে। তদুপৰি
‘সুত্তনিপাত’ হল আটাইতকৈ পুৰণি গ্ৰন্থ, গতিকে শাক্যসকলৰ প্ৰকৃত
গোত্ৰ আদিত্যই হব। 'অমৰকোশ’ত উপযুক্ত শ্লোকত বুদ্ধৰ যি
অৰ্কবন্ধু নাম দিয়া হৈছে তাক তেওঁৰ গোত্ৰ-নাম বুলি ধৰি লব লাগিব,
কিয়নো ‘আদিচ্চা নাম গোত্তেন’ কথাফাকিৰ লগত সি ঠিক মিলি যায়।
বোধিসত্ত্বৰ প্ৰকৃত নাম আছিল গৌতম আৰু বুদ্ধত্ব প্ৰাপ্তিৰ পিচত তেওঁ
সেই নামেৰে প্ৰসিদ্ধ হয়। 'সমণো খলু ভো গোতমো সক্যকুলা পব্বজিতো’
এনেদৰৰ উল্লেখো ‘সুত্তনিপাত’ৰ কেবা ঠাইত পোৱা যায়।
- (৬)^ 'পব্বজা সুত্ত' , গাথা ১৮-১৯।