বিশেষণ আৰু অৰ্কবন্ধু তেওঁৰ গোত্ৰৰ নাম। এতিয়া প্ৰশ্ন হল–
সৰ্ব্বাৰ্থসিদ্ধ আৰু গৌতম এই দুটাৰ ভিতৰত তেওঁৰ প্ৰকৃত নাম
কোনটো? নে এই দুয়োটাই তেওঁৰ নাম আছিল?
ত্ৰিপিটক সাহিত্যৰ ক’তো বোধিসত্ত্বৰ নাম সৰ্ব্বাৰ্থসিদ্ধ বুলি উল্লেখ
কৰা হোৱা নাই। অকল ‘নিদান-কথা’ত সিদ্ধৎথ (সিদ্ধাৰ্থ) নাম পোৱা
যায়। কিন্তু তাকো 'ললিত-ৱিন্তৰ'ৰ পৰা লোৱা হৈছিল চাগৈ। সেই
পুথিত কোৱা হৈছে যে :
‘অস্য হি জাতমাত্ৰেণ মম সৰ্বাৰ্থাঃ সংসিদ্ধাঃ যন্ম্বসমস্য সৰ্বাৰ্থসিদ্ধ
ইতি নাম কুৰ্যাম্। ততো ৰাজা বোধিসত্ত্বং মহতা সৎকাৰেণ সৎকৃত্য
সৰ্বাৰ্থসিদ্ধোহয়ং কুমাৰো নাম্না ভৱতু ইতি নামাস্যাকাৰ্ষীৎ।'
সৰ্ব্বাৰ্থসিদ্ধ নাম ‘অমৰকোশ’তহে দিয়া হৈছে। কিন্তু 'ললিত
ৱিন্তৰ'ত বোধিসত্ত্বক বাৰে বাৰে সিদ্ধাৰ্থকুমাৰ বুলিও উল্লেখ কৰা হৈছে।
তাৰে পালি ৰূপান্তৰ হল সিদ্ধৎথ। সৰ্ব্বাৰ্থসিদ্ধৰ পালি ৰূপান্তৰ হল
‘সব্বৎথ সিদ্ধ’ আৰু তাক কেনেবা কেনেবা যেন লাগে। সেই বাবেই
হয়তো জাতক অট্ঠ কথাকাৰে ‘সিদ্ধৎথ’ নামৰ প্ৰয়োগ কৰিছে।
অৰ্থাৎ সৰ্ব্বাৰ্থসিদ্ধ বা সিদ্ধাৰ্থ এই দুয়োটা নামেই ‘ললিত-ৱিন্তৰ'ৰ লেখক
অথবা আন কোনো বুদ্ধ-ভক্ত কবিৰ কল্পনাৰ পৰা বাহিৰ হৈছে।
বোধিসত্ত্বৰ যে প্ৰকৃত নাম গৌতম আছিল তাত কোনো সন্দেহ
নাই। ‘থেৰী গাথা’ত থকা মহাপ্ৰজাপতি গৌতমৰ গাথাবোৰৰ এটা
হল এই :
বহূনং ৱত অৎথায় মায়া জনয়ি গোতমং।
ব্যাধিমৰণতুন্নানং দুক্খক্খন্ধং ব্যপানুদি॥
অৰ্থাৎ 'বহুতৰ কল্যাণৰ হেতুকে মায়াই গৌতমক জন্ম দিলে। তেওঁ
ব্যাধি আৰু মৰণেৰে পীড়িত জনৰ দুখ সমূহ নষ্ট কৰিলে।'
কিন্তু 'মহাপদান সুত্ত’ত বুদ্ধক ‘গোতমো গোত্তেন’ বুলি কোৱা হৈছে।