পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৌতম বােধিসত্ত্ব
৮৫

 শাক্যসকলৰ মুখ্য জীৱিকা খেতি-ত্রিপিটক সাহিত্যত পােৱা বর্ণনাৰ লগত অশােকৰ লুম্বিনী দেৱীৰ শিলালিপিৰ পাঠ মিলাই বিচাৰ কৰি চালে দেখা যায় যে শুদ্ধোদন শাক্যসকলৰ ভিতৰৰ এজন আছিল, তেওঁ লুম্বিনী গাৱঁত বাস কৰিছিল আৰু তাতেই বােধিসত্ত্বৰ জন্ম হৈছিল। ওপৰত দি অহা মহানাম আৰু অনুৰুদ্ধৰ সংবাদৰ পৰা এয়ে প্রতীত হয় যে শাক্যসকলৰ প্ৰধান জীৱিকা আছিল খেতি। মহানামৰ নিচিনা শাক্যই যিদৰে নিজে খেতি কৰিছিল তেনেকৈয়ে শুদ্ধোদনেও খেতি কৰি জীৱিকা নিৰ্ব্বাহ কৰিছিল। জাতকৰ নিদান কথাত শুদ্ধোদন মহাৰজা বুলি অভিহিত কৰি তেওঁৰ খেতি সম্বন্ধে এনেদৰে বৰ্ণনা কৰা হৈছে-

 ‘এদিনাখন ৰজাৰ শইচ সিঁচাৰ সমাৰােহ (ৱপ্পমঙ্গলং) হৈছিল। সেই দিনা গােটেইখন নগৰকে দেৱতাসকলৰ বিমানৰ নিচিনাকৈ সজোৱা হৈছিল। আটাইবােৰ দাস আৰু বনুৱাই নতুন নতুন কাপােৰ পিন্ধি গন্ধ-মালা আদিৰে সাজি-কাছি ৰাজ-মহলত গােট খাইছিল আৰু ৰজাৰ খেতি পথাৰত এহেজাৰখন হাল বােৱা হৈছিল। সেই দিনা সাতশ নিৰানব্বৈ গছ হালৰ লেজু, বলধ আৰু বলধৰ নাকীজৰী ৰূপেৰে মেৰােৱা হৈছিল। ৰজাই সােণ খটুৱা নাঙলৰ আৰু অমাত্যসকলে সাতশ নিৰানব্বৈখন ৰূপখটুৱা নাঙলৰ মুঠিত ধৰিছিল, আৰু বাকী দুশখন নাঙলৰ মুঠিত আন আন মানুহে ধৰিছিল আৰু। আটায়ে মিলি হাল জুৰি দিছিল। ৰজাই পােনে পােনে ইয়াৰ পৰা ইয়ালৈ হাল চলাইছিল।

 এই কথাত অৱশ্যে ঢৌটোকে ৰৌটো কৰা হৈছে সঁচা কিন্তু তথাপি বুজা যায় যে শুদ্ধোদনে নিজে খেতি কৰিছিল। আজি-কালি মহাৰাষ্ট্র আৰু গুজৰাতৰ জমিদাৰ পটেলসকলে নিজে খেতি কৰে আৰু বনুৱাৰ হতুৱায়ো কৰায়, ঠিক তেনেকৈয়ে শাক্যহঁতেও নিজে আৰু আনৰ হতুয়াই খেতি চলাইছিল। প্রভেদ মাখােন এইখিনিয়ে যে আজি-কালি পটেলহঁতৰ হাতত ৰাজকীয় অধিকাৰ তেনেই কম, কিন্তু শাক্য সকলৰ