ধৰ্ম্মানন্দৰ আটাইবোৰ পুথি যাতে সস্তীয়া বেচত প্ৰকাশ কৰিব পৰা যায়, তাৰো ব্যৱস্থা কৰি দিয়ে।
সনাতন ধৰ্ম্ম, জৈন ধৰ্ম্ম অথবা বৌদ্ধ ধৰ্ম্ম—কাৰো প্ৰতি তেওঁৰ মনত অভিনিৱেশ নাছিল। বন্ধুসকলৰ মতে জন্মৰ পৰাই ব্ৰাহ্মণ ধৰ্ম্মত লালিত পালিত হোৱাৰ ফলত সেই ধৰ্ম্মৰ ৰীতি-নীতি আৰু ব্ৰাহ্মণ সকলৰ সামাজিক দৃষ্টিকোণৰ প্ৰতি তেওঁৰ হেনো অলপ কটুতা আছিল। যিয়েই নহওক, তেওঁ নিজৰ পুথিববাৰেৰে, উপদেশেৰে আৰু বিশেষকৈ নিজৰ সুযোগ্য শিষ্যসমূহৰ সহায়েৰে বুদ্ধ ভগৱানৰ জীৱন, ব্যক্তিত্ব আৰু তেওঁৰ উপদেশ সম্বন্ধে যথাৰ্থ জ্ঞানৰ প্ৰচাৰ কৰিবলৈ সফল প্ৰয়াস কৰিছিল। আজিকালিৰ সমাজবাদৰ দ্বাৰা বুদ্ধ ভগৱানৰ উপদেশ কিদৰে চৰিতাৰ্থ কৰিব পৰা যায়, তাকো তেওঁ দেখুৱাই গৈছে।
মহাত্মাজীৰ প্ৰতি অসীম শ্ৰদ্ধা আৰু ভক্তি থকা সত্ত্বেও গান্ধীজীৰ কোনো কথা তেওঁ বুজিব নোৱাৰিলে সেই সম্বন্ধে টীকা-টিপ্পনী কৰিবলৈকো তেওঁ কোনো দিনে সংকোচ কৰা নাছিল।
ধৰ্ম্মানন্দজী এই সিদ্ধান্তত উপনীত হৈছিল যে পাৰ্শ্বনাথৰ চাতুৰ্যাম ধৰ্ম্মৰ পৰা বৌদ্ধ আৰু জৈন—এই দুয়োধাৰা বাহিৰ হৈছে। লগতে তেওঁৰ এই ধাৰণাও হৈছিল যে বৌদ্ধ আৰু জৈন বিচাৰ-পদ্ধতিৰ মূলতে যি দাৰ্শনিক জীৱন-দৃষ্টি আছে, তাক মানি ললেহে সমাজবাদ আৰু সাম্যবাদ কৃতাৰ্থ হব পাৰিব আৰু আজিৰ মানুহে মানৱ-জাতিৰ কল্যাণৰ সাধনা নিজৰ হাতলৈ আনিব পাৰিব।
সেই কাৰণেই মহাত্মাজীৰ বিচাৰ ধাৰাই ধৰ্মানন্দজীৰ অন্তৰত গভীৰ বেখাপাত কৰে আৰু তেওঁৰ হৃদয়ত শ্ৰদ্ধা এনেভাৱে শিপাই উঠে যে গান্ধী-কাৰ্য্যত নিজৰ জীৱন উচৰ্গা কৰাটোকে তেওঁ প্ৰকৃত কৃতাৰ্থতা বুলি বিবেচনা কৰে।
গোৱাত তেওঁৰ জন্ম হৈছিল, সেই বাবে তেওঁ অন্তিম জীৱনত