ভাৰ লৈছিল। অনুৰুদ্ধই গৃহস্থালি সম্বন্ধে একোকে নাজানিছিল।
চাৰিও পিনে বুদ্ধ ভগৱানৰ খ্যাতি বিয়পি পৰাত শাক্য বংশৰ ডাঙৰ
ঘৰৰ তৰুণ সকলে ভিক্ষু ব্ৰত গ্ৰহণ কৰি তেওঁৰ সংঘত প্ৰৱেশ কৰিবলৈ
ধৰিলে। তাকে দেখি মহানামে অনুৰুদ্ধক কলে, ‘আমাৰ ঘৰৰতো
এজনো ভিক্ষু নহল। হয়তো তুমিয়ে ভিক্ষু হোৱা, নহলে মই নিজেই
ভিক্ষু ব্ৰত গ্ৰহণ কৰোঁ। অনুৰুদ্ধই কলে, ‘মোৰ দ্বাৰা নহব,
আপুনিয়ে ভিক্ষু হওক!'
মহানাম তাত সম্মত হল আৰু তেওঁ ভায়েকক গৃহস্থালিৰ কাম
শিকাবলৈ ধৰিলে। তেওঁ কলে, ‘প্ৰথমতে খেতি-পথাৰত হাল বাব
লাগে। তাৰ পিচত শইচ সিঁচি দিব লাগে। ইয়াৰ পিচত লোৰ
কাটি পথাৰত পানী দিয়া উচিত। পানী উলিয়াই খেতি নিকাই বিধাই
দিব লাগে। শস্য পকিলে দাই আনিব লাগে।'
অনুৰুদ্ধই কলে, 'এই কাম বৰ আহুকলীয়া যেন লাগিছে।
আপুনিয়ে ঘৰৰ চোৱা-চিতা কৰক, মই ভিক্ষু হৈ যাওঁ।'
কিন্তু মাকে হলে তাৰ বাবে অনুমতি নিদিলে। অনুৰুদ্ধই ইফালে
দৃঢ় সংকল্প কৰি ললে যে তেওঁ ভিক্ষু হবই। মাকে তেতিয়া কলে,
“তোমাৰ লগতে যদি শাক্যসকলৰ ৰজা ভদ্দিয়ও ভিক্ষু হয় তেন্তে মই
তোমাক ভিক্ষু হবলৈ আজ্ঞা দিম।”
ভদ্দিয় ৰজা অনিৰুদ্ধৰ বন্ধু আছিল, কিন্তু অনুৰুদ্ধৰ মাকে ভাবিছিল
তেওঁ ৰাজ-পদ এৰি ভিক্ষু হবলৈ নাযায়, গতিকে তেওঁ সেই চৰ্ত বান্ধি
দিছিল। অনুৰুদ্ধই তেওঁৰ বন্ধুৰ ওচৰলৈ গৈ তেওঁক ভিক্ষু হোৱাৰ
কাৰণে বুজাবলৈ ধৰিলে। তেতিয়া ভদ্দিয় ৰজাই কলে, 'তুমি সাত
বছৰ বাট চোৱা। তাৰ পিচত আমি ভিক্ষু হমহঁক।' কিন্তু অত বছৰ
বাট চাবলৈ অনুৰুদ্ধ সম্মত হব নোৱাৰিলে। গতিকে তেওঁ ছ, পাছ
চাৰি, তিনি, দুই আৰু এ বছৰৰ পিচত সাতমাহ, তাৰ পিচত সাত
পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১১৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৌতম বােধিসত্ত্ব
৮৩