তেতিয়া ভৰণ্ডু কালামে কলে, ‘হে মহানাম, তুমি কোৱা যে এই
আটায়েৰে ধ্যেয় একেটাই।' কিন্তু ভগৱানে কলে, 'হে মহানাম,
তুমি এই বুলি কোৱা যে এওঁলোকৰ ধ্যেয় ভিন ভিন ধৰণৰ।' দ্বিতীয়
আৰু তৃতীয় বাৰৰ কাৰণেও ভৰণ্ডুৱে তেওঁলোকৰ ধ্যেয় একে বুলি
কবলৈ কলে কিন্তু ভগৱানে বাৰে বাৰে ভিন্ন বুলি কবলৈ কলে।
মহানামৰ নিচিনা প্ৰতিষ্ঠাৱান শাক্যৰ সমুখত শ্ৰৱণ গৌতমে ভৰণ্ডু
কালামক অপমান কৰা বুলি ধৰি লৈ তেওঁ কপিলৱস্তুৰ পৰা গুচি গল
আৰু তালৈ কোনোদিনে আৰু উভতি নগল।
ভৰণ্ডু-কালাম সুত্তৰ তাৎপৰ্য্য—ইয়াত এই সুত্তৰ সম্পূৰ্ণ
ভাঙনি দিয়া হৈছে। ইয়াৰ পৰা দুই-তিনিটা কথা স্পষ্টভাৱে জানিব
পৰা যায়। তাৰে প্ৰথমটো হল যে বুদ্ধ হোৱাৰ পিচত ডাঙৰ কোনো
ভিক্ষু-সংঘৰ লগত ভগৱান গৌতম কপিলৱস্তুলৈ যোৱা নাছিল। তেওঁ
অকলে গৈছিল আৰু তেওঁৰ কাৰণে উপযুক্ত ঠাই বিচাৰি উলিৱাত
মহানামৰ বৰ আহুকাল হৈছিল। যদিহে শুদ্ধোদন ৰজাই বোধিসত্বৰ
কাৰণে তিনিটা প্ৰাসাদ সজাইছিল, তেন্তে গৌতমৰ কাৰণে তাৰে এটা
মুকলি কৰি দিয়া নহল কিয়? ভালেমান ঠাইতে কপিলৱস্তুত শাক্য
সকলৰ এটা সংস্থাগাৰ (অৰ্থাৎ নগৰ মন্দিৰ) থকাৰ উল্লেখ পোৱা যায়।
বুদ্ধৰ বৃদ্ধাৱস্থাত শাক্যসকলে আকৌ এই সংস্থাগাৰ সাজি উলিয়াছিল
আৰু তাতে পোন প্ৰথমতে এৰাতিৰ কাৰণে ভিক্ষু সংঘৰে সৈতে
ভগৱান বুদ্ধক থাকিবলৈ অনুৰোধ কৰা হৈছিল। তাত তেওঁৰ হতুৱাই
ধৰ্ম্মোপদেশো দিওৱা হৈছিল। কিন্তু ওপৰত উল্লেখ কৰি অহা উপলক্ষত
সেই সংস্থাগাৰতো তেওঁৰ থকাৰ ঠাই নহল। তাৰ পৰা অনুমান হয়
যে শাক্যসকলৰ মানত তেতিয়া বুদ্ধ এজন সাধাৰণ যুৱক আছিল আৰু
তেওঁলোকৰ মাজত তেওঁৰ কোনো বিশেষ প্ৰভাৱ নাছিল।
(৩) চাওক, 'সলায়ত্তন সংযুক্ত,' আসী বিসৰগ্গ, সুত্ত ৬।
৬