পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
ভগৱান বুদ্ধ
 

 আন আন ভালেমান সুত্ততো এই বুলি উল্লেখ কৰা হৈছে যে মহানাম শাক্য কপিলৱস্তুৰ নিবাসী আছিল। কিন্তু শুদ্ধোদনে কপিলৱস্তুত বাস কৰাৰ কথা অকল ‘মহাবগ্ গ'তহে উল্লেখ কৰা হৈছে। লুম্বিনী- গাওঁ আৰু কপিলৱস্তুৰ মাজত ১৪-১৫ মাইলৰ ব্যৱধান হব। গতিকে বোধহয় এই বুলি অনুমান কৰিব পৰা যায় যে শুদ্ধোদনে লুম্বিনী গাঁৱৰ নিজা জমিদাৰীতো কেতিয়াবা কেতিয়াবা বাস কৰিছিল আৰু তাতেই বোধিসত্ত্বৰ জন্ম হৈছিল। কিন্তু তলত দিয়া ‘অঙ্গুত্তৰনিকায়’ৰ তিক- নিপাতত ১২৪ সুত্তৰ পৰা এই বিষয়েও যথেষ্ট সন্দেহৰ সৃষ্টি হয়।
 কালামৰ আশ্ৰম—এবাৰ ভগৱান বুদ্ধই কোসল দেশত ভ্ৰমণ কৰোঁতে কৰোঁতে কপিলৱস্তুত উপস্থিত হলগৈ। তেওঁৰ আগমনৰ বতৰা পোৱাৰ লগে লগে মহানাম শাক্যই তেওঁৰ লগত দেখা কৰিলেগৈ। তেতিয়া তেওঁ মহানামক ৰাতিটো কটোৱাৰ বাবে এখন উপযুক্ত ঠাই বিচাৰি উলিয়াবলৈ অনুৰোধ কৰিলে। কিন্তু ভগৱান থকাৰ বাবে মহানামে কতো যোগ্য ঠাই বিচাৰি নাপালে। উভতি গৈ ভগৱানৰ আগত কলে, ‘ভদন্ত আপোনাৰ কাৰণে যোগ্য ঠাই দেখোন কতো বিচাৰি নাপাওঁ। আপুনি আপোনাৰ সেই পুৰণি ব্ৰহ্মচাৰী ভৰণ্ডু কালামৰ আশ্ৰমতে এৰাতি অৱস্থান কৰক।' ভগৱানে মহানামক তাতেই আসন প্ৰস্তুত কৰিবলৈ কলে আৰু সেই নিশাটো সেই আশ্ৰমতে কটালে।
 পিচদিনা পুৱা মহানামে ভগৱানৰ লগত সাক্ষাৎ কৰিবলৈ গলত ভগৱানে কলে, 'হে মহানাম, এই লোকত তিনি প্ৰকাৰৰ ধৰ্ম্মগুৰু আছে। প্ৰথম বিধে কামোপভোগৰ সমতিক্ৰমৰ (ত্যাগৰ) কথা কয়, কিন্তু ৰূপ আৰু বেদনাৰ সমতিক্ৰমৰ কথা হলে নকয়। দ্বিতীয় শ্ৰেণীৰ গুৰুৱে কামোপভোগ আৰু ৰূপ সমতিক্ৰমৰ কথা কয় কিন্তু বেদনাৰ সমতিক্ৰম নকয়। তৃতীয় শ্ৰেণীয়ে এই সকলোবোৰৰে সমতিক্ৰমৰ

কথা কয়। এই সকলোবোৰ ধৰ্ম্মগুৰুৰ ধ্যেয় এক নে ভিন্ন?