পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
ভগৱান বুদ্ধ
 

নহৈ নিজৰ অন্তঃহকৰণ নিষ্কলঙ্ক কৰি ৰখাৰ বাবে অনবৰত সাৱধান হৈ থাকে তেওঁলোকেই হল চতুৰ্থ শ্ৰেণীৰ হৰিণ।'

 এই সুত্তত উল্লেখ কৰা প্ৰথম শ্ৰেণীৰ শ্ৰমণ ব্ৰাহ্মণ সকল আছিল যাগ-যজ্ঞ আৰু সোমৰস পানকে ধৰ্ম্ম-সৰ্ব্বস্ব বুলি মানোতা বৈদিক ব্ৰাহ্মণসকল। বৈদিক হিংসা আৰু সোমৰস পানত অতিষ্ঠ হৈ যিসকল অৰণ্যলৈ গৈছিল আৰু তাত ফলমূলৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ, কৰিবলৈ লৈছিল সেই ঋষি-মুনি সকলক দ্বিতীয় বিধৰ শ্ৰমণ ব্ৰাহ্মণ বুলি ধৰি লব লাগিব। অৰণ্যত ফলমূল নোপোৱা হলে তেওঁলোকৰ লুনীয়া আৰু টেঙা বস্তু খোৱাৰ ইচ্ছা হৈছিল আৰু তেতিয়া তেওঁলোক গাৱলৈ গৈছিল।তাত গৈ গৃহস্থীৰ জালত সাঙোৰ খাই পৰিছিল। ইয়াৰ উদাহৰণ আগতে দি অহা হৈছে। ঋষি-মুনিসকলৰ ফলমূল খাই জীৱন নিৰ্ব্বাহৰ পথ বৰ্জ্জন কৰি যিসকলে বিভিন্ন শ্ৰমণ সম্প্ৰদায় স্থাপন কৰিছিল, তেওঁলোক আছিল তৃতীয় শ্ৰেণীৰ শ্ৰমণ ব্ৰাহ্মণ। এই পৰিব্ৰাজকসকল অটব্য বনলৈ নগৈ জনস্থানৰ আশ্ৰয়ত বাস কৰিছিল আৰু বৰ সাৱধানেৰে মানুহৰ পৰা পোৱা অন্ন-বস্ত্ৰ ভোগ কৰিছিল; কিন্তু ‘আত্মা আছে নে নাই’ আদি তৰ্ক-বাদত তেওঁলোক মগ্ন হৈ থাকিছিল। তাৰ ফলত তেওঁলোকৰ আত্মশুদ্ধি নহৈ তেওঁলোক মাৰৰ জালত বন্দী হৈ পৰিছিল। এইবোৰ নিৰৰ্থক বাদ বৰ্জ্জন কৰি বুদ্ধই আত্মশুদ্ধিৰ মাৰ্গ বিচাৰি উলিয়াইছিল। চতুৰ্থ বিধৰ শ্ৰমণ ব্ৰাহ্মণ হিচাপে তেওঁৰ ভিক্ষুসকলৰ গণনা কৰা হৈছে। আন আন শ্ৰমণ ব্ৰাহ্মণ আৰু বুদ্ধৰ অধ্যাত্মবাদৰ কি পাৰ্থক্য আছিল তাক সপ্তম অধ্যায়ত ব্যাখ্যা কৰা হব। ইয়াত মাথোন কবলগীয়া এইখিনিয়ে যে এই চাৰি প্ৰকাৰৰ শ্ৰমণ ব্ৰাহ্মণৰ ভিতৰত উপনিষদৰ ঋষিসকল একেবাৰে নাছিল। গতিকে উপনিষদৰ পৰা বৌদ্ধ ধৰ্ম্মৰ উদ্ভৱ হোৱা বুলি কৰা কল্পনাৰ

তেনেই কোনো ভেটি নাই বুলিও ইয়াৰ দ্বাৰাই প্ৰমাণ পোৱা যায়।