গণাসত্তাত্মক ৰাজ্যৰ স্বতন্ত্ৰতা নষ্ট হলেও আভ্যন্তৰীণ ৰাজ্যতো স্ত্ৰী-
স্বাধীনতাত বিশেষ আঘাত লগা নাছিল।
মগধ আৰু কৌশল দেশত একসত্ত্বাত্মক শাসন-প্ৰণালী সুদৃঢ় হৈ
উঠিছিল, তথাপি সেই দেশৰ ৰজাই মুলীভূত গণসত্ত্বাত্মক শাসন-প্ৰণালীৰ
মূল নাইকিয়া কৰি পেলাব পৰা নাছিল। বিম্বিসাৰ মহাৰজা বা পসেনদি
মহাৰজাই কোনো তিৰোতাক বলেৰে নিজৰ অন্তঃপুৰলৈ নিয়াৰ প্ৰমাণ
ক’তো পোৱা নাযায়।
কিছুমান একসত্ত্বাত্মক ৰাজ্যত তিৰোতাৰ সন্মান–ক্ৰমে
ক্ৰমে মানুহে যিদৰে গণসত্ত্বাত্মক শাসন-প্ৰণালীৰ কথা পাহৰি গল আৰু
একসত্ত্বাত্মক শাসন-প্ৰণালী দিনক দিনে প্ৰবল হৈ গল, সেইদৰে
তিৰোতাসকলৰৰ স্বতন্ত্ৰতা লাহে লাহে কমি গল। তথাপি উন্মদন্তী
(উম্মাদয়ন্তী)-ৰ কথাৰ পৰা জনা যায় যে কিছুমান ৰজাই তিৰোতাক
সম্মান কৰিছিল।[১০]
বোধিসত্ত্বই শিৱি-ৰাজকুলত জন্ম লৈছিল। তেওঁক শিৱিকুমাৰ
বোলা হৈছিল। শিৱিৰজাৰ সেনাপতিৰ পুতেক অভিপাৰক আৰু
শিৱিকুমাৰ সমান বয়সৰ আছিল। বাপেক মৰাৰ পিচত শিৱিকুমাৰ
ৰজা হল আৰু সেনাপতিৰ মৃত্যুৰ পিচত তেওঁ অভিপাৰকক সেনাপতি
কৰিলে। অভিপাৰকে উম্মাদয়ন্তী নামৰ এজনী অতি ৰূপৱতী শ্ৰেষ্ঠী-
কন্যাক বিয়া কৰালে। ৰজাই নগৰ প্ৰদক্ষিণ কৰিবলৈ যাওঁতে খিৰিকিৰ
মুখত থিয় হৈ থকা উন্মাদয়ন্তীৰ লগত চাৰি চকুৰ মিলন হল। ৰজা
মোহিত হৈ বলিয়া হৈ গল আৰু ৰাজভৱনলৈ গৈ শোৱাপাটি ললে।
অভিপাৰকে কথাটোৰ গম পাই ৰজাৰ ওচৰলৈ গল আৰু তেওঁৰ পত্নীক
গ্ৰহণ কৰি নিজৰ বলিয়ালি এৰি দিবলৈ প্ৰাৰ্থনা কৰিলে। তেতিয়া
- (১০)^ 'উন্মদন্তী জাতক' সং ৫১৭।