কৰিছে। স্মৃতিয়ে শূদ্ৰৰ কাৰণে বেদৰ শ্ৰৱণ, বেদৰ অধ্যয়ন আৰু বেদৰ
অৰ্থজ্ঞান আৰু অনুষ্ঠান নিষিদ্ধ কৰি দিছে। শ্ৰৱণৰ নিষেধ এই বুলি কৰা
হৈছে যে সি বেদবাক্য শুনিলে কাণত লা বা সীহৰ ঠিলা মাৰি দিব লাগে।
“শূদ্ৰ যেন পদযুক্ত শ্মশান, গতিকে শূদ্ৰৰ ওচৰত অধ্যয়ন কৰা উচিত
নহয়।” আৰু ইয়াৰ দ্বাৰাই অধ্যয়ন-প্ৰতিষেধো হয়, কিয়নো যাৰ
ওচৰে কাষৰে অধ্যয়ন কৰা উচিত নহয় সি নিজে শ্ৰুতিৰ অধ্যয়ন কিদৰে
কৰিব? আৰু ইয়াকো কোৱা হৈছে যে যদি সি বেদৰ উচ্চাৰণ কৰে
তেন্তে তাৰ জিভা কাটি দিব লাগে আৰু (বেদমন্ত্ৰৰ) ধাৰণ কৰিলে
তাক মাৰি পেলাব (শৰীৰ ভেদ কৰিব) লাগে। গতিকে এয়ে সিদ্ধ
হয় যে সি অৰ্থজ্ঞান আৰু অনুষ্ঠান কৰা উচিত নহয়। “শূদ্ৰক মতি
দিব নালাগে।”
শঙ্কৰাচাৰ্য্যই শূদ্ৰসকলক শাসন কৰাৰ বাবে যি নীতিৰ পৰামৰ্শ দিছে
–তাক গুপ্ত ৰজাসকলৰ দিনত ৰচিত ‘গৌতম ধৰ্ম্মসূত্ৰ’ আদি গ্ৰন্থৰ পৰা
লোৱা হৈছে। অৰ্থাৎ সমুদ্ৰগুপ্তৰ দিনৰপৰা (খৃষ্টীয় চতুৰ্থ শতিকাৰপৰা)
শঙ্কৰাচাৰ্য্যৰ দিনলৈকে (খৃষ্টীয় নৱম শতিকালৈকে) আমাৰ ব্ৰাহ্মণ পূৰ্ব্ব-
পুৰুষসকলে শূদ্ৰসকলক দমন কৰি নিজৰ প্ৰতিষ্ঠা অটুট ৰাখিবলৈ
অবিচ্ছিন্নভাৱে চেষ্টা কৰি অহা যেন অনুমান হয়। ধৰ্মসূত্ৰকাৰ আৰু
শঙ্কৰাচাৰ্য্য়ৰ মাজত পাৰ্থক্য এইখিনিয়ে যে সূত্ৰকাৰৰ দিনত মুছলমান
সকল এই দেশত প্ৰৱেশ কৰা নাছিল কিন্তু শঙ্কৰাচাৰ্য্যৰ সময়ত হলে
সিন্ধুদেশ মুছলমানসকলৰ হাতলৈ গৈছিল আৰু তাত অনবৰত মুছলমান
ধৰ্ম্মৰ বিস্তাৰ হৈছিল। গতিকে আমাৰ আচাৰ্য্যজীয়ে অন্ততঃ সাম্যৰ
শিক্ষা দিয়া উচিত আছিল। কিন্তু তাকে নকৰি আচাৰ্য্যদেৱে নিজৰ
জাতিভেদৰ বেসুৰা ৰাগহে বজোৱাত লাগি গল। ইয়াৰ ফলত এই
দুৰ্ভগীয়া দেশে কি দুষ্পৰিণাম ভুগিবলগীয়া হৈছিল বুৰঞ্জীয়ে তাৰ
সাক্ষ্য দিব।