গৌতমে কলে, ‘তুমি সত্যচ্যুত নোহোৱা। অব্ৰাহ্মণৰ পক্ষে ই
সম্ভৱ নহয়। গতিকে সমিধ আনা, মই তোমাৰ উপনয়ন কৰোঁ।
এই বুলি কৈ ঋষিয়ে তেওঁৰ উপনয়ন কৰিলে।[৬]
গুপ্তসকলৰ শাসন কালৰ পৰা জাতি-ভেদৰ বৃদ্ধি
উপনিষদৰ ঋষিসকলে জাতি-ভেদ মানিলেও, তেওঁলোকে জাতিতকৈ
সত্যকহে অধিক সন্মান কৰিছিল; সত্যকামৰ কাহিনীৰ পৰাই সেই
কথাৰ প্ৰমাণ পোৱা যায়। কিন্তু সেই উপনিষদৰে সমন্বয় কৰিবলৈ চেষ্টা
কৰা বাদৰায়ণ ব্যাস আৰু ভাষ্যকাৰ শঙ্কৰাচাৰ্য্যই জাতি-ভেদৰ কিদৰে
ঢোল কোবাইছে :
শ্ৰৱণাধ্যয়নাৰ্থ প্ৰতিষেধাৎস্মৃতেশ্চ।
ইতশ্চ ন শূদ্ৰস্যাধিকাৰঃ। যদস্য স্মৃতেঃ শ্ৰৱণাধ্যয়নাৰ্থ প্ৰতিষেধো
ভৱতি। ৱেদ শ্ৰৱণ প্ৰতিষেধো ৱেদধ্যায়ন প্ৰতিষেধস্তদৰ্থ জ্ঞানানুষ্ঠান-
য়োশ্চ প্ৰতিষেধঃ শূদ্ৰস্য স্মৰ্যতে। শ্ৰৱণ প্ৰতিষেধস্তাৱৎ “অথাস্য ৱেদমুপ-
শৃন্বতস্ত্ৰপুজতুম্যাং শ্ৰোত্ৰপ্ৰপুৰণম্” ইতি। “পদ্যুহ ৱা এতৎ শ্মশানং
যচ্ছূুদ্ৰস্তস্মাচ্ছূুদ্ৰসমীপে নাধ্যেতৱম্” ইতি চ। অতএৱাধ্যয়ন প্ৰতিষেধঃ।
যস্য হি সমীপেহসি নাধ্যতৱ্য ভৱতি, স কথমশ্ৰুতমধীয়ীত। ভৱতি
চ ৱেদোচ্চাৰণে জিহ্বাচ্ছেদো ধাৰণে শৰীৰ ভেদ ইতি। অতএৱ
চাৰ্থাদৰ্থজ্ঞানানুষ্ঠানয়ো প্ৰতিষেধো ভৱতি “ন শূদ্ৰায় মতিং দদ্যাৎ”
ইতি।[৭]
অৰ্থাৎ ‘আৰু এই কাৰণে শূদ্ৰৰ (ব্ৰহ্মজ্ঞানৰ) অধিকাৰ নাই
যিহেতু স্মৃতিয়ে শূদ্ৰক বেদ শুনিবলৈ আৰু অধ্যয়ন কৰিবলৈ নিষেধ