বেদৰ অধ্যয়ন কৰা আৰু যদি তোমাৰ ইচ্ছা ব্ৰহ্মলোকপৰায়ণ হয় তেন্তে এই অগ্নি লৈ অৰণ্যলৈ যোৱা আৰু তেওঁৰ সেৱাৰ দ্বাৰা ব্ৰহ্মদেৱৰ আৰাধনা কৰি ব্ৰহ্মলোকপৰায়ণ হৈ যোৱা।'
গৃহস্থাশ্ৰমত বোধিসত্ত্বৰ ৰুচি নাছিল। গতিকে তেওঁ জাতাগ্নি লৈ অৰণ্যলৈ গুচি গল আৰু তাতে আশ্ৰম পাতি অগ্নিৰ সেৱা কৰিবলৈ ধৰিলে। এদিনাখন এজন খেতিয়কে বোধিসত্ত্বক দক্ষিণা স্বৰূপে এটি বলধ দিলে। বলধটো বলি দি অগ্নি ভগৱানৰ পূজা কৰিবলৈ বোধিসত্ত্বৰ ইচ্ছা হল। কিন্তু ইফালে আশ্ৰমত লোণ শেষ হৈছিল। তেওঁ লোণ আনিবলৈ গাঁৱলৈ গল। ইফালে কেইজনমান গুণ্ডা আহি বলধটো মাৰি পেলালে আৰু সেই অগ্নিকুণ্ডত ইচ্ছামতে মাংস ৰান্ধি খালে আৰু বাকীখিনি লগত লৈ গুচি গল।
বোধিসত্ত্বই লোণ লৈ উভতি আহি দেখে যে বলধৰ ছাল, নেজ আৰু হাড় কেইটুকুৰাহে আছে। তেতিয়া নিজে নিজে কবলৈ ধৰিলে, এই অগ্নি ভগৱানে যদি নিজৰ বলিকে ৰক্ষা কৰিব নোৱাৰে, মোক আৰু কি ৰক্ষা কৰিব? এই বুলি তেওঁ নিজৰ অগ্নিহোত্ৰৰ পাত্ৰ পানীত পেলাই দিলে আৰু ঋষি-প্ৰব্ৰজ্যা গ্ৰহণ কৰিলে।
বুদ্ধৰ উপদেশ শুনি উৰুৱেল কাশ্যপ, নদী কাশ্যপ আৰু গয়া কাশ্যপ –এই তিনিজন ব্ৰাহ্মণ বন্ধুৱে নিজ নিজ অগ্নিহোত্ৰ নৈত পেলাই দিয়াৰ কথাও বৌদ্ধ-সাহিত্যৰ প্ৰসিদ্ধ কাহিনী।
উপনিষদৰ ঋষি—এনেদৰে মুকলিভাৱে শ্ৰমণ ধৰ্ম্ম গ্ৰহণ কৰিবলৈ কিছুমান ব্ৰাহ্মণৰ সাহ নাছিল। তেওঁলোকে বৈদিক যাগ-যজ্ঞ আৰু শ্ৰমণসকলৰ দৰ্শনৰ মাজত ওলমি আছিল, অশ্বমেধ আদি সম্বন্ধে ৰূপক ৰচনা কৰি তাৰ পৰা আত্মতত্ত্ব উলিয়াবলৈ চেষ্টা কৰিছিল। পটন্তৰ বপে ‘বৃহদাৰণ্যকোপনিষদ’ৰ প্ৰথম অধ্যায়ৰ দ্বিতীয় ব্ৰাহ্মণৰ আৰম্ভণিৰ কথালৈ লক্ষ্য কৰক। তাত ঋষিয়ে কৈছে—'এই জগতৰ উৎপত্তিৰ