বিভিন্ন প্ৰকাৰৰ তপশ্চৰ্য্যাবোৰৰ ভিতৰত অৰণ্যবাসী ঋষিমুনিসকলে শাক, শ্যামাক আৰু বনত সহজতে পোৱা কন্দ-ফল-মূল খাই থকা বিধকে বাছি লৈছিল। তেওঁলোকে গছৰ বাকলি পিন্ধিছিল আৰু ভালেমান প্ৰকাৰৰ অগ্নিহোত্ৰও কৰিছিল। কিন্তু এই নতুন শ্ৰমণ-সম্প্ৰদায়ে অগ্নিহোত্ৰ বৰ্জ্জন কৰিছিল আৰু অৰণ্যবাসী ঋষিমুনিসকলৰ ভালেমান তপশ্চৰ্য্যা গ্ৰহণ কৰাৰ উপৰিও চামৰাৰ টুকুৰা আদি খোৱাৰ তপশ্চৰ্য্যাও যোগ দি লৈছিল।
আমি ওপৰতে উল্লেখ কৰি আহিছোঁহক যে বুদ্ধৰ সময়ত নিৰ্গ্ৰন্থ (জৈন) সম্প্ৰদায় বৰ প্ৰভাৱশালী আছিল। ইয়াৰ উপৰিও পূৰণ কাশ্যপ, মক্খলি গোসাল, অজিন কেসকম্বল, পকুধ কাত্যায়ন আৰু সঞ্জয় বেলটুঠপুত্ত—এই পাঁচজন শ্ৰমণ-নায়কৰ শ্ৰমণ সম্প্ৰদায় বৰ বিখ্যাত আছিল। সপ্তম অধ্যায়ত এওঁলোকৰ দৰ্শন সম্বন্ধে চমুকৈ আলোচনা কৰা হৈছে। তাৰ পৰা দেখা যাব যে তত্ব বিষয়ত তেওঁলোকৰ মাজত যথেষ্ট মতভেদ আছিল, কিন্তু দুটা বিষয়ত হলে তেওঁলোকৰ একে মত আছিল—
(১) তেওঁলোকৰ আটায়ে যাগ-যজ্ঞ ভাল নাপাইছিল। আৰু
(২) কমবেচি পৰিমাণে তেওঁলোকৰ মনত তপশ্চৰ্য্যাৰ প্ৰতি নিষ্ঠা আছিল।
শ্ৰমণসকলৰ প্ৰচাৰ-কাৰ্য্য-আমি আগতে কৈ আহিছোঁ যে এইসকল আৰু আন আন শ্ৰমণসকলৰ মানুহৰ ওপৰত বৰ প্ৰভাৱ আছিল। এই শ্ৰমণসকল পুবপিনৰ চম্পা (ভাগলপুৰ), পশ্চিম পিনৰ কুৰুসকলৰ দেশ, উত্তৰ পিনে হিমালয় আৰু দক্ষিণ পিনে বিন্ধ্য—এই অঞ্চলৰ ভিতৰত বাৰিষাৰ চাৰিমাহ বাদ দি বাকী আনমাহ কেইটাত অনবৰত ঘুৰি ফুৰিছিল আৰু ৰাইজক নিজ নিজ ধৰ্ম্মমত সম্বন্ধে উপদেশ দিছিল। তাৰ ফলত ৰাইজৰ মাজত যাগ-যজ্ঞৰ প্ৰতি অনাদৰ আৰু তপশ্চৰ্য্যাৰ প্ৰতি শ্ৰদ্ধা উৎপন্ন হৈছিল।