পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
বৈষ্ণৱামৃত।

জগতৰ কৰে হিত॥ ১৩৬॥ নামেসে কৰিছে সবে জগত পবিত্ৰ, নামেসে কৰিছে সবে সংসাৰ বিচিত্ৰ॥ হেন জানি সখি আন ধৰ্ম্ম পৰিহৰি। চিত্ত দিয়া মোৰ নাম ধৰা দৃঢ় কৰি॥ ১৩৭॥ চাহিযুগে নাম ধৰ্ম্ম সকলো লোকৰ। তথাপি কলিত শ্ৰেষ্ঠ নাম গুৰুতৰ॥ আন যুগে আনো নানা কৰ্ম্ম কৰে থিত। নাম বিনে গতি নাই জানিবা কলিত॥ ১৩৮॥ নামক এড়িলে কলিযুগে গতি নাই। সত্যে সত্যে কহোঁ সখি তোমাত বুঝাই। চৰাচৰ জগতৰ গতি মোৰ নাম। আক এড়ি পাপী সবে কৰে আন কাম॥ ১৩৯॥ মোহোৰ নামক ভজিবাহা সৰ্ব্বক্ষণ। হৈবা ক্ষমা দয়াৱন্ত মোত দিয়া মন॥ বৈষ্ণৱক বিষ্ণুমানি কৰিবা বন্দন। তেবেসে আমাক পাইবা কহিলোঁ অৰ্জ্জুন॥ ১৪০॥ পৃথিবীৰ নৰে এড়ি আন অভিলাষ। কায় মনোবাক্যে ভজে মোত কৰি আশ॥ যেই মনবাঞ্ছা কৰে মঞি দেওঁ তাক। সত্যে সত্যে