পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
বৈষ্ণৱামৃত।

নামৰ অসাধ্য কৰ্ম্ম নাহি মহাশয়॥ ১৩১॥ নামেসে জানিবা সখি সবাৰো জীৱন। নামেসে জানিবা সখি মোৰ মহাধন॥ নামেসে মুকুতি দাতা আন কেহো নাই। নামেসে জগতপ্ৰিয় কহিলোঁ বুঝাই॥ ১৩২॥ নামে আৰাধন জানা নামেসে জীৱন। নামেসে জানিব গতি নামে যজ্ঞধন॥ নামেসে জগত গুৰু নামেসে জীৱন। নামেসে জানিবা ভকতৰ মহাধন॥ ১৩৩॥ নামেসে আগত ধ্যান জানিবা নিশ্চয়। সংসাৰ সাগৰ পাৰ নামেসেকৰয়॥ নাম বিনে জগতৰ আন বন্ধু নাই। নামেসে জগত গুৰু জানা সমুদাই॥ ১৩৪॥ পৃথিবীত জন্ম জানা নামৰ কাৰণ। যত চৰাচৰে কৰে নাম প্ৰবৰ্ত্তন॥ নামে ধৰি আছে সখি সংসাৰ সাগৰ। নাম বিনে গতি নাই জানা সাৰে সাৰ॥ ১৩৫॥ নামেসে কৰাৱে কৰ্ম্ম নামে ভুঞ্জাই ফল। নামে জগতৰ পূজ্য আচাৰ্য্য সকল॥ হেন জানি নামত সদায়ে দিয়া চিত্ত। নামে সে জানিবা