পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
বৈষ্ণৱামৃত।

লৈয়ো শৰণ॥ যেন জল বিন্দু, জলত মিলয়, তিলে তিলে আয়ু যাই। ঘোৰ পৰলোকে, কেনে হৈবা পাৰ, নিচিন্তা কিয় উপায়॥ ১২৩॥ ভৃত্যৰ ঈশ্বৰ, চৰণে কৃষ্ণৰ, লৈয়োক এক শৰণ। শুনা সৰ্ব্বলোক, মুকুতি মিলোক, ধৰিয়ো তান চৰণ॥ আন কৰ্ম্ম এড়ি চিন্তিয়োক হৰি, এড়া ভাস ভূষ কাম। কৃষ্ণৰ কিঙ্কৰে, কহে নিৰন্তৰে, ডাকিবোলা ৰাম ৰাম॥ ১২৪॥

পদ।

পুনৰপি অৰ্জ্জুনক বোলে জগন্নাথ। আৰু কথা শুনা সখি কহিবোঁ তোমাত। সংসাৰতে সাৰ ইটো মোক্ষ ধৰ্ম্মচয়। শুনিলাতে মহাসুখ মুকুতি মিলয়॥ ১২৫॥ আপুনি তোমাৰ নাম স্মৰিবাক মন। তাক উপদেশ দিবা কৰিয়া যতন॥ হাজাৰেক কুললৈয়া হুইবেক নিস্তাৰ। সত্যে সত্যে আউৰ জন্ম নাহিকে