পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
বৈষ্ণৱামৃত।

নামৰ লগত, সিঝে পুণ্য যত, নিশ্চয়ে জানিবা তুমি॥ নামৰ সমান, নোহে মহাভাগ, ফল নোহে নাম সম। নামক সুমৰা, আন পুণ্য এড়া, নামে সে প্ৰধান ধৰ্ম্ম॥ ১১৬॥ সত্যে সত্যে সত্যে, পুনুসত্যে সত্যে, কহোঁ মঞি নিষ্ঠ কৰি। জানিবা অৰ্জ্জুন, মোৰ নাম গুণ, চিন্তিবা হৃদয়ে ধৰি॥ শাস্ত্ৰ পুৰাণত, শ্ৰুতি অসঙ্খ্যাত, নামকেসে মাত্ৰ কহে। ৰাম নাম বেদ, ভাৰত যে বেদ, নামত সমস্তে ৰহে॥ ১১৭॥ তপ, জপ দান, নাম বিনে আন, যাগ যজ্ঞ আচৰয়। মন্ত্ৰ জপ কৰি, নোহে নাম সৰি, বুলিলোঁ দৃঢ় নিশ্চয়॥ কহোঁ সখি মৰ্ম্ম, আন ধৰ্ম্ম কৰ্ম্ম, নকৰিবা তাত ৰতি। সবাকো তেজিয়া, এক চিত্ত হুয়া, নামত কৰিয়ো ৰতি॥ ১১৮॥ যিটো গুণ তিনি, সত্ত্বগুণ ভিণি, নিৰ্গুণ ভৈলেক মন। কৈলোঁ সাৰে সাৰ, তাতো শ্ৰেষ্ঠতৰ, যিকৰে নাম গ্ৰহণ॥ মোৰ গুণগাই, নুফুৰে সদাই, কৰ্ম্ম কৰি মৰে বৃথা। চিত্ত মোৰ পাৱে, মোৰ