পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
বৈষ্ণৱামৃত।

তুষ্ট হৱে তিনিলোক। গুৰু তুষ্ট ভৈলে সে জানিবা পাৱে মোক॥ ৬৩॥ ব্ৰহ্মজ্ঞান পঞ্চতত্ত্ব গুৰুৰ লক্ষণ। বিচাৰিয়া আক ভজিয়োক বিদ্যমান॥ শুনা সভাসদ পদ পৰম বিচাৰ। গুৰু সেৱা বিনে নাহি সংসাৰৰ পাৰ॥ ৬৪॥ গৃহ অন্ধকূপে পড়ি আছে সবে লোক। সুদৃঢ় বিশ্বাস কৰি গুৰু ভজিয়োক॥ ভক্তিৰ সমান জ্ঞান আন নাহিকয়। ভক্তি সে উত্তম পথ জানিবা নিশ্চয়॥ ৬৫॥ ভক্তিৰ সমান পুণ্য নাই সংসাৰত। ভক্তিৰ সমান নোহে দান তীৰ্থ ব্ৰত॥ জগতৰ যত ধৰ্ম্ম মেৰুৰ সমান। ভকতিৰ আগে নোহে ৰেণুৰ প্ৰমাণ॥ ৬৬॥ হেন জানি সাধুসব এড়ি আন মন। যাৱত চেতন ভক্তি কৰিয়ো সাধন॥ অনন্ত কন্দলি কহে এড়া আন কাম। নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥ ৬৭॥