৯৬
সোণাৰাম চৌধুৰী
আহিল, তেতিয়া মানুহে আন উপায় ল'লে। সিহঁতে মাংসভোজী
জীৱবিলাকৰ কাৰ্য লক্ষ্য কৰিছিল, কিন্তু সেইবোৰ প্ৰাণীৰ দৰে সিহঁতৰ
চোকা নখ-দাঁত নথকাত, সিহঁতে অলপ বুধি খটাব লগাত পৰিল।
সিহঁতে তেতিয়া দলি, শিলগুটি বা শিলৰ চুটীয়া আদিকে প্ৰধান
অৱলম্বন কৰি লোৱা সম্ভৱ। সেইবোৰকে ক্ৰমাৎ উন্নত কৰি অস্ত্ৰ-শস্ত্ৰ-
ৰূপে ব্যৱহাৰ কৰা বুলি পণ্ডিতসকলে কয় আৰু তেনে ধৰণৰ অনেক
অস্ত্ৰ-শস্ত্ৰৰ প্ৰমাণো পাইছে। তেওঁলোকে এই কাৰণে, সেই যুগৰ
মানুহবিলাকক প্ৰত্ন-প্ৰস্তৰ যুগৰ মানুহ বুলি উল্লেখ কৰিছে। এই যুগৰ
সাধাৰণ চোকা গঢ়ৰ অস্ত্ৰ-শস্ত্ৰ-ৰূপে ব্যৱহৃত শিলৰ খণ্ড আদি যি পোৱা
হৈছে, সেইবোৰক প্ৰাক্-আয়ুধ বা আদিম অস্ত্ৰ-শস্ত্ৰ নাম দিয়া হৈছে।
আদিম মানৱে এই অস্ত্ৰ-শস্ত্ৰবোৰেৰেই পশু-পক্ষী মাৰি, সেইবোৰৰ
কেঁচা মঙহ খাই জীৱন প্ৰৱৰ্ত্তাইছিল বুলি পণ্ডিতসকলে অনুমান কৰে।
সিহঁতে ব্যৱহাৰ কৰা এই অস্ত্ৰ-শস্ত্ৰবোৰত শিল্পৰ কোনো নিদৰ্শন
নেদেখি। কোনো কোনো ভূতত্ত্ববিদে আকৌ এইবোৰ আদিম মানৱৰ
অস্ত্ৰ-শস্ত্ৰ নহয় বুলিব খোজে। কিন্তু অধিকাংশ পণ্ডিতৰ মতে এইবোৰ
আদিম অস্ত্ৰ-শস্ত্ৰ বুলিয়ে নিৰ্দ্ধাৰিত হৈছে। কিয়নো, আদিম অৱস্থাত
অস্ত্ৰ-শস্ত্ৰত শিল্পৰ নিদৰ্শন থকা সম্ভৱ নহয়। তেতিয়া মানুহে
সাধাৰণ বুদ্ধিৰে যি কৰিছিল, তাকেই যথেষ্ট বুলি ধৰিব লাগিব।
যুগ-বিপ্লৱৰ লগে লগে আদিম মানুহবিলাকে হাবিত কাঠে কাঠে
বা বাঁহে বাঁহে ঘঁহনি লাগি জুই উঠা, শিলত শিল পৰিলে ফিৰিঙতি
ওলোৱা অৱশ্যে দেখিছিল। ইয়াৰপৰাই সিহঁতে কাঠে কাঠে বা
বাঁহে বাঁহে ঘঁহি নাইবা শিলত শিলগুটিৰে মৰিয়াই জুই তুলিবলৈ
শিক্ষা কৰাটো নিতান্ত সম্ভৱ। এই কৃত্ৰিম উপায়ে জুই তোলাটোৱেই