পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীঅম্বিকাগিৰী ৰায়চৌধাৰী ৫ । ফুটি ওলাল, আৰু সমগ্ৰ ভাৰতত মানে পৰিব্যাপ্ত হিন্দু-মুছলমান সমস্যাটো সমাধান কৰিবলৈকে কংগ্ৰেছ মহাসভাই নিৰ্দিষ্ট কৰি দিয়া পন্থাও আওকাণ কৰি স্বতন্ত্ৰভাৱে বঙ্গ-হিন্দু-মুছলমান-চুক্তি গঠন কৰা বাবে সমগ্ৰ ভাৰতত প্ৰৱল অন্দোলন চলিল, তেতিয়া দেশবন্ধু চিত্তৰঞ্জন দাসে উত্তৰ দিছিল—বঙ্গৰ সমস্যা বঙ্গই নিজে মীমাংসা কৰি ল'ব। তাত আন কোনো প্ৰদেশৰ মাতৰ ঠাই নাই। বঙালী যে ভাৰতীয় মহাজাতিৰ অন্তৰ্গত এটা বিশিষ্ট জাতি, সিযে এই জাতীয় বৈশিষ্ট্যটো বাদ দি ভাৰতীয় মহাজাতিৰ সম্মিলিত মহাসভাত নাই-নুই হৈ যাব নোখাজে, এয়ে তাৰ প্ৰমাণ।

  এইদৰে অসমৰ অসমীয়াও ভাৰতীয় মহাজাতিৰ অন্তৰ্গত এটা বিশিষ্ট জাতি। ভাৰতৰ আন আন ৰাজ্যিক জাতিবিলাকৰ দৰে তাৰো নিজস্ব বৈশিষ্ট্য আছে। আৰ্য, দ্ৰাবিড়ীয়, মঙ্গোলীয়, আদি মূলৰ সভ্যতা-সংস্কৃতিৰ সংমিশ্ৰণ লৈ অসমত অসমীয়া জাতি উদ্ভুত হৈছে। ভাৰতৰ আনবিলাক প্ৰাদেশিক জাতৰব সাঙোৰত বৃটিছৰ অধীন নহৈ ই যদি স্বাধীন থাকিলহেঁতেন, তেন্তে অসমীয়া জাতিৰ এই বৈশিষ্ট্যটোও স্বাধীন নেপাল-ভোটানৰ দৰে নিকিল-কিলীয়া, অবিকৃত আৰু সৱল হৈ থাকিলহেঁতেন। বিশ্ব-মানৱীয়তাৰ বিৱেচনাৰ বাহিৰে, জাতি হিছাপে আন প্ৰদেশবিলাকৰ পৰাধীনতাত অসমে তিমান তীব্ৰতা অনুভৱ নকৰিলেহেঁতেন, সকলোকে নিজ নিজ প্ৰদেশত স্বাধীনতা লাভৰ বাবে চেষ্টা কৰিবলৈকে উপদেশ একোআষাৰ দিয়েই নিশ্চিন্ত থাকিলহেঁতেন,—আৰু আন আন প্ৰদেশৰ অসংখ্য লোকক এইদৰে অসমত মাটি-বাৰী লৈ নিগাজিকৈ বহি যাবলৈও নিদিলে- হেঁতেন; আৰু যদিও দিলেহেঁতেন, সেইটো অসমীয়াৰ জাতীয় বৈশিষ্ট্যত