পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আঁকোৱালি লোৱা সাংস্কৃতিক অভিমান। ৭৭

জাতীয় স্বাধীনতা প্ৰতিষ্ঠিত হোৱাৰ দিনতো, তাক নিজস্ব সংস্কৃতিহীন, ভাষা-সাহিত্যহীন, সামাজিকতাহীন বুলি প্ৰকাশ্য দাপেৰে বিদ্ৰুপ-বাণ। হানি বিতত কৰি থৈ দিছে; অথচ, তাৰ আত্মাভিমানে সেই বিদ্ৰুপৰ আঘাতত বেদনা উপলব্ধি কৰা নাই, আৰু সেই বাবেই, আজি সমগ্ৰ মানৱ-জগতব্যাপী বিশ্বাত্মাৰ সজাগ উত্থানৰ দিনতো তাৰ ভাষা-সাহিত্য আৰ সুকুমাৰ শিল্প-কলাত সি বিশ্বজনীন সৌৰভো ফুটাই তুলিব পৰা নাই,-জ্ঞান-বিজ্ঞান, শিল্প-বাণিজ্য, অৰ্থনীতি, ৰাজনীতিতে বিশ্ব- গতিৰ বহু পাছত সি পৰি আছে।

  আত্ম-শ্ৰদ্ধা, আত্ম-বিশ্বাস হেৰুৱালে আত্মা সঙ্কুচিত হয়, সঙ্কুচিত আত্মাৰ আত্মৰক্ষা কৰি বিশ্বাত্বাৰ সঙ্গম-স্থলীলৈ খোজ লোৱা শক্তি বিতত হয়। সেইবাবেই, বিশ্বাত্মাৰ মিলন ধিয়াই আগ বঢ়া দূৰৰ কথা, নিজ ঘৰতে সি আজি তাৰ ভাষা, সাহিত্য, ঐতিহ্যৰ বিপুল সম্ভাৰৰ সৈতে অস্তিত্ব পৰ্যন্ত হেৰৱাব লগীয়া সঙ্কটময় শোচনীয় সন্ধিত আহি উপস্থিত হ'ল। অসমৰ পৰ্বত-ভৈয়ামৰ খিলঞ্জীয়া অধিবাসী আৰু পুৱ-পশ্চি-উত্তৰ-দক্ষিণৰ পৰা আহি থিতি লোৱা জনস্ৰোতৰ সনাসনি সম্মিলনতেই অসমীয়াৰ জাতীয় সংস্কৃতিব খৰস্ৰোত স্বচছ বলিষ্ঠ পুং। কিন্তু সেই পুঙৰ মুখ আজি বন্ধ। অসমীয়াই নিজস্ব সাংস্কৃতিক সম্পদ লৈ আজি বাঁচি থাকিব লাগিলে, এই পুংটোৰ সেই বন্ধ হোৱা মুখটো সুতীব উপলব্ধিৰ তেজস্কৰ কৰ্ম্মধাৰাৰ খৰ- স্ৰোতেৰে জাাহি-জাবৰবোৰ উটুৱাই দি মুকলি কবি ল'ব লাগিব। উদ্দীপ্ত কৰ্ম্মহিল্লোলেৰে দেশত খলক তুলি চলিব লাগিব।

  মানৱীয়তাব ফালৰপৰা, মানৱীয় সংস্কৃতি এটা সমগ্ৰ মানৱ- জগতক আচ্ছন্ন কৰি বৰ্ত্তাৰ প্ৰয়োজনীয়তা মানুহে উপলব্ধি কৰিলেও,