পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আঁকোৱালি লোৱা সাংস্কৃতিক অভিমান

সৌন্দৰ্য্যবধবটোক সাৰ্থকতা দি, মানৱাস্থাৰ বিশ্বাভিমুখী গতি- টোৱে যি ৰূপ-সৃষ্টিৰ অবিৰাম ৰেখা চলাই লৈ যায়, সেয়ে মানৱৰ সংস্কৃতি। বৈজ্ঞানিক বিশ্লেষণ-যন্ত্ৰত চেকি চেকি বস্তু-উৎপাদনৰ সূক্ষ্মাতিসূক্ষ্ম ৰূপ উলিওৱাৰ দৰে, নানা যুগৰ উঠন-পতনৰ ঢকা-গতা খাই, মানৱৰ মনোযন্ত্ৰৰ দুৰ্দ্দম্য সংস্কাৰাভিলাষৰ মন্থনত পৰি সামাজি- কতাই এই সংস্কৃতিতেই শান্তি-শৃঙ্খলাৰ আনন্দভাতি ৰূপেৰে প্ৰতিষ্ঠা লাভ কৰে। সংস্কৃতিৰ এই স্থিতিটো আত্মচেতন, সজীৱ। সেই বাবে, অন সকলো আত্মচেতন সজীৱ বস্তুৰ দৰে আত্মচেতন সজীৱ লোক- সমষ্টি এটাৰ সাংস্কৃতিক অভিমানৰো চেতনা-চকিত গৌৰৱ এটা আছে, যিটোৰ অভাৱত সংস্কৃতি বোলা বস্তুটো অকল মূল্যহীনেই নহয়, অৰ্থহীনো হৈ পৰে। কিন্তু, সেইটো গৰ্বাভিমান নহয়, আত্মাভিমান। জীৱন্ত আত্মাভিমানী লোক-সমষ্টি বা জাতি এটাই, আত্ম-চেতনা সজীৱ সাংস্কৃতিক অভিমান লৈয়েই, আত্ম-বিকাশৰ অবাধ স্বাধীনতাৰ উচ্ছল আনন্দ উপভোগ কৰে। য’ত বাহিৰৰ উপদ্ৰৱে এই সাংস্কৃতিক অভি- মানক মুৰ্চ্ছিত আৰু স্নান কৰি পেলায়, তাত সেই লোক-সমষ্টিৰ দীপ্ত সজীৱতা আৰু আত্ম-বিকাশৰ অবাধ স্বাধীনতাখিনি নিৰানন্দত মূৰছি পৰে। তেতিয়া তাৰ আত্ম-বিলোপৰ শোচনীয় পাল আৰন্ত হয়।

  মানৱৰ সেই আদিম অৱস্থাৰপৰাই, বিচিত্ৰ পৰিৱৰ্ত্তনৰ ভিতৰেদি. ভৌগোলিক পৰিৱেষ্টনৰ কোনো ঠাই এডোখৰ লোক-সমষ্টি এটাৰ