পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হাদিৰাচকীৰপৰা গণপৰিষদলৈ

লোকে আৰাৱ কৰিবলৈ ধৰিলে, বোলে, যদি আমাৰ গোচৰ ৰজাই ভালকৈ সোধে তেন্তে আমি দৰঙলৈ উভতি যাম। যদিহে নোসোধেে তেন্তে আমি ইয়াতে মৰিম। ইতিমধ্যে দৰঙিয়ালৰ গতি বোধ কৰি- বলৈ যোৱাত বৰবৰুৱাৰ টেকেলাক দৰঙিয়ালে ধৰি পাৰে মানে কিলালে। সেই সময়ত উজনিৰ ৰংপুৰ নগৰ দৰঙীয়া প্ৰজাৰেে নধৰা হৈছিল। তেওঁলোকে চকী-হাট নামানি অবৈধভাৱে উজনিৰ ৰাজ- ধানীলৈ গৈছিল, তথাপি ৰজাই তেওঁলোকৰ আৱেদন শুনিবলৈ বাধ্য হ’ল, আৰু সেইমতে দৰঙৰ পিয়ল স্থগিত ৰাখিলে

  গৌৰীনাথসিংহ স্বৰ্গদেৱে মৰাণৰ প্ৰকোপত উজনিত থাকিব নোৱাৰি গুৱাহাটী-নগাৱঁৰ পিনে পলাই আহিল। নগাৱঁত থকা কালত স্বৰ্গদেৱৰ বিষয়াসকলে বহুত অকাৰ্য কৰিবলৈ ধৰিলে। “সকলো বৰুৱা ফুকনে নগঞাৰ বাৰীৰ তামোল-পাণ আপুনি পৰাই অনাইছিল, জীয়াৰী ছোৱালী ধৰাই অনাই বিলাইহিল, প্ৰায়ে মাটিও লৈ খাট পাতিছিল।” এই উপদ্ৰৱ সহিব নোৱাৰি নগঞাহঁতে স্বৰ্গদেৱৰ বাহৰৰ চাৰিওফালে চিঞৰি ফুৰিছিল, 'স্বৰ্গদেৱ ইয়াৰপৰা যাওক।” নগঞাৰ নিৰ্দ্দেশমতে ৰজাই নতুন বৰফুকন আৰু বৰবৰুৱা পাতিবলৈ বাধ্য হৈছিল। সেই কালত নগঞা ৰাইজৰ নেতা আছিল সিন্ধুৰা হাজৰিকা। গৌৰীনাথসিংহক প্ৰজাই মিলি নগাৱঁৰপৰা খেদি দিয়াৰ নিমিত্তে নগঞা মানুহে “ৰজা-খেদা নগঞা” এই খিতাপ লাভ কৰি- ছিল।

  পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে অসম ৰাজ্য সুস্থিৰ কৰিবলৈ যত্নৱান হৈছিল সঁচা। কিন্তু তেওঁক বহুতে ক্ষমতালোভী আৰু স্বাৰ্থপৰ বিষয়া বুলি বিৱেচনা কৰিছিল। বিজয় বৰমূৰাগোহাঁই আৰু তেওঁৰ পুতেক