পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৭০ শ্ৰীসূৰ্য্যকুমাৰ ভূঞা

সকলে আলচ কৰিলে বোলে,-“অসামৰ্থ ৰজায়ে ৰাজ্য ৰক্ষা কৰিব কেনেকৈ?” এই বুলি ল’ৰাৰজাক ৰজা গুচাই বাহুবলী কোঁৱৰ গদাপাণিক সিংহাসনত বহুৱালে।

  বকতিয়াল আহোমৰ ঘৰত ৰূপচন্দ্ৰই সৰ্বপ্ৰথমে বৰবৰৱাৰ পদ লাভ কৰে। ৰূপচন্দ্ৰৰ পুতেক, কীৰ্তিচন্দ্ৰৰ কাৰ্যাৱলীত প্ৰজা আৰু বিষয়াসকল অসন্তুষ্ট হৈছিল। কিছু বিষয়াই মানুহ ফেটাই কীৰ্ত্তি চন্দ্ৰক মাৰিবৰ নিমিত্তে চেষ্টা কৰিছিল। মৰাণৰ বাঘ’ নেওগক চমটাৰে কোবোৱাৰ খঙত মৰাণে কীৰ্তিচন্দ্ৰক বন্দী কৰি নচঁচা শালত দি মাৰিলে। এনে কি, মৰাণে মাহচেৰেকৰ কাৰণে আহোম সিংহাসনোে অধিকাৰ কৰে। ইয়াৰ গুৰিত আছিল মায়ামৰা মহন্তই ৰজাৰ ঘৰত আৰু কীৰ্তিচন্দ্ৰৰ হাতত পোৱা অপমানৰ প্ৰতিকাৰ-সাধনৰ চেষ্টা।

  লক্ষ্মীসিংহ ৰজাৰ দিনত কেকেৰু কলিতা ফুকন এজন বৰ পৰাক্ৰমী বিষয়া হৈছিল; এনে কি, কৌটিকলীয়া আহোম বংশৰ বুঢ়াগোহাঁই-বৰগোহাঁইকো অপমান কৰিবলৈ তেওঁ কুণ্ঠা বোধ নকৰি ছিল। ডাঙৰীয়াসকলে ৰজাক লগালে বোলে,-“এই কলিতা মহা বেশ্যা, মদপী, ই স্বৰ্গদেৱক পৰ্শিব নাপায়।” ফুকনৰ ওপৰত নিৰ্ব্বাসন দণ্ড হ'ল। পূৰ্ব্বে কলিতা ফুকনে ৰংদলৈ শইকীয়াৰ ঘৰত জুই দি পুৰিছিল। দূৰণিত খেদা খাই থকা কালত ৰংদলয়ে এদিন তয়ে মোৰ ঘৰ-দুৱাৰ পুৰি সাং কৰিলি” এই বুলি কলিতা ফুকনক দাৰ। কঁকালত ঘা মাৰিলে; নিছিগাত আকৌ ডিঙিত কাটিলে।

  লক্ষ্মীসিংহ ৰজাৰ দিনত দৰঙৰ মাটি-পিয়লৰ বেমেজালি ঘটে আৰু প্ৰজাৰ ওপৰত উৎপীড়ন হয়। তাৰে প্ৰতিবাদ কৰিবলৈ চাৰি হাজাৰ দৰঙী পাইক উজনিৰ ৰাজধানী পালেগৈ। ৰজাৰ নগৰৰ ওচৰত তেওঁ