পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা


কৰিলে। তাতে ডাঙৰীয়াসকলে দুখ কৰিলে, বোলে,-“বুপা-পুথাওৰ দিনত এনে কথা হোৱা নাই। এতিয়া হ'বলৈ কেলৈ দিম, কাকো শুদাৰে নেৰোঁ।” এই বুলি ডাঙৰীসকলে চুবমফা ৰজাক ভাঙি ভায়েক ঠানুৱা গোহাঁইক ৰজা পাতিলে। ভগা বজাৰ অপৰাৰ আছিল যে তেওঁ কুঁৱবীৰ অন্যায় প্ৰস্তাৱক সমৰ্থন কৰিছিল।

 এই ঠানুৱা গোহাঁই বা নবিয়া ৰজাৰ পুতেক কুকুবেখোৱা গোহাঁয়ে মানুহৰ ওপৰত অত্যাচাৰ কৰি ফুৰিছিল। গৰ্ভৱতী স্ত্ৰীক দেখিলে ধৰি আনি কুকুবৰ হতুৱাই গৰ্ভ ফলাই ল’বা চাইছিল, অন্য স্ত্ৰীক ধৰি আনি জাতি ভ্ৰষ্ট কৰিছিল। দঁতুৱা মানুহ দেখিলে কটাৰিব নাল দিব লাগে বুলি দাঁত কাটি লৈছিল, অন্য তিৰোতাৰ দেহৰ অংশকাটি নি নিজৰ তিৰোতাক দিছিল, ফুকনবোৰৰ দোলাত কুকুৰ তুলি পহু মাৰিবলৈ গৈছিল, আৰু ফুকনবোৰে সাজ খাবলৈ গলে চৰাইলৈ বুলি গালৈ বাটলু গুটি মাবিছিল। এই অত্যাচাৰ সহিব নোৱাৰি ডাঙ্গৰীয়া বিষয়া- সকলে নৰিয়া ৰজাক সিংহাসনৰপৰা গুচালে, আৰু কুকুবেখোৱা গোহাঁইক বিচাৰি উলিয়াই আনি মাক-পুতেক দুয়োকো ৰাজহাটত মাৰি মাকৰ বুকুত পুতেকক দি পুতি থলেনি।

 মীৰজুমলা নবাবে অসম আক্ৰমণ কৰাব সমৰত জয়ধ্বজসিংহ স্বৰ্গদেৱ গড়গাৱৰপৰা পলাই নামৰূপত আশ্ৰয় ল’লেগৈ। বাটত যাওঁতে দলৌগুৰিৰ আলিত পোহাৰীয়ে ৰজাক ধিক্কাৰ দি কৈছিল,— “স্বৰ্গদেৱ, তুমি বং-আনন্দহে মন দিল। এই পোন্ধৰ বছৰে যদি দিব লগা ঠাইত পোন্ধব চপৰা নাৰ্টি দিলাহেঁতেন তোমাৰ কিয় এনে অৱস্থা হ'ব? আমাক ক'ত এৰি যোৱা?” বিলাস-বিভ্ৰান্ত বজাৰ বাজ্য-ৰক্ষাৰ ব্যৱস্থাৰ প্ৰতি উদাসীনতাৰ তীব্ৰ সমালোচনা কৰিবলৈ