ষড়যন্ত্ৰত যোগ দিবলৈ টানি অনুৰোধ কৰিছিল, আৰু অন্যান্য মানুহকো বৃটিছৰ বিদ্ৰোহী হবলৈ উচটাই ফুৰিছিল, আৰু ইংৰাজৰ হৈ খাজনা তুলি-ফুৰা মানুহক হকাবধা কৰিছিল। গোমধৰ কোঁৱৰৰ মুখ্য সহায়কাৰী আছিল কান্দুৰা ডেকাফুকন, ধৰ্ম্মধৰ মন্ত্ৰী, পিয়ালি ওৰফে ধনজয় ভগা-বৰগোহাঁই আৰু তেওঁৰ পুতেক হৰনাথ। বহুত মানুহে অস্ত্ৰ-শস্ত্ৰ লৈ গোমধৰ কোঁৱৰৰ লগ লৈছিল। কিন্তু এই বিদ্ৰোহৰ আয়োজনৰ বিষয়ে বৃটিছে কেনেবাকৈ গম পালে। ১৮২৮ চনৰ ২৯ অক্টোবৰ তাৰিখে লেফটেনেণ্ট ৰুথাক্ফোৰ্ড চাহাবে গোমধৰ কোঁৱৰৰ সৈন্যক আক্ৰমণ কৰি ঘটুৱায়। বাৰ দিনৰ মূৰত কোঁৱৰে নিজে আহি যোৰহাটত আত্মসমৰ্পণ কৰে। পোনপ্ৰথমে যোৰহাটৰ পঞ্চায়তে এই যড়যন্ত্ৰৰ বিচাৰ কৰে, বিচাৰৰ কাগজ-পত্ৰ চাই অসমৰ কমিছনাৰ ডেভিড স্কট চাহাবে সাতবছৰৰ কাৰণে গোমধৰ কোঁৱৰক নিৰ্ব্বাসন দণ্ড দিয়ে, আৰু অন্যান্য অপৰাধীকো যথাযথ শাস্তি দিয়ে। হৰনাথৰ বিৰুদ্ধে প্ৰমাণ নোপোৱাত তেওঁক খালাচ দিয়া হয়।
এই হৰনাথ কিন্তু বহি থকা বিধৰ মানুহ নাছিল। উক্ত ষড়যন্তৰ অপৰাধী কেইজন ফাটেকত থকা অৱস্থাত তেওঁলোকক হৰনাথে পলুৱাই আনে আৰু কিছুমান নতুন মানুহ লগলৈ আনি বৃটিছৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ কৰে। এই ষড়যন্ত্ৰৰ নেতা আছিল বদনচন্দ্ৰ বৰফুকনৰ পুতেক পিয়লি বা পোৱালি বৰফুকন আৰু ফেদেলাৰ পুতেক আৰু ধনঞ্জয় ভগা-বৰগোহাঁইৰ জোঁৱায়েক জীউৰাম দুলীয়া বৰুৱা। এওঁলোকে ঠিক কৰিলে যে ১৮৩০ চনৰ ২৫ মাৰ্চ্চ তাৰিখমানে ৰংপুৰৰ চিপাহীৰ চাউনিত জুই দি চিপাহীক আক্ৰমণ কৰিব, আৰু তাৰ পাছত ৰাজ্যদখলৰ যি ব্যৱস্থা হয় সকলো কৰিব।